Local, Vocal, Global

Lanka Moral Policing : লংকাত চোৰৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা একাংশৰ

নিউজ ডেস্ক, ১৩ আগষ্ট : লংকাৰ বামুণগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা (Lanka Moral Policing) । ধুবুৰী আৰু মৰিগাঁৱৰ পাছত এইবাৰ হোজাইৰ লংকাত গণপ্ৰহাৰৰ ঘটনা ৷ ৰাইজৰ গণ প্ৰহাৰত নিহত হৈছে এজন লোক ৷ ঘটনা অনুসৰি শনিবাৰে নিশা লংকাৰ বামুণ গাঁৱত চোৰৰ সন্দেহত ৰাইজে প্ৰহাৰ কৰে হপিজুৰ ৰহমানক ৷ ৰাইজৰ গণ প্ৰহাৰত নিহত হয় হপিজুৰ ৰহমান ৷ ৰাইজৰ অভিযোগ অনুসৰি ৰাতি হ’লে চোৰে উপদ্ৰব চলাই উক্ত অঞ্চলত(Lanka Moral Policing arrested 6) ৷

যাৰ বাবে গাঁও খনত পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৰাইজে ৷ সেয়ে নিশা চোৰৰ সন্দেহত হিপজুৰ ৰহমানক পহৰাৰত লোকে কৰায়ত্ব কৰি মাৰপিট কৰে ৷ শনিবাৰে নিশা চোৰৰ সন্দেহত লোক জনক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশই । ৰাইজৰ প্ৰহাৰত নিহত হয় হিপজুৰ ৰহমান ৷

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত ৬ জন লোকক আটক কৰিছে লংকা আৰক্ষীয়ে ৷ আটকাধীন লোক কেইজন ক্ৰমে সঞ্জয় দাস, নিখিল দাস, তুলেন্দ্ৰ দাস, উত্তম চক্ৰৱৰ্তী, জয়ন্ত চক্ৰৱৰ্তী আৰু সঞ্জু মজুমদাৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : student murder: পোহৰলৈ আহিছে আন এক হত্যাকাণ্ডৰ ঘটনা