Local, Vocal, Global

77th Independence Day: স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাসহ তিনি বিদ্ৰোহী সংগঠনৰ

নিউজ ডেস্ক, ১৩ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্র এটা দিন বাকী । ৰাজ্যজুৰি উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা স্বাধীন , এন এছ চি এন আৰু জি পি আৰ এনে । দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ যিকোনো কার্যসূচী বৰ্জন কৰাৰ বাবে অসম, নাগালেণ্ড আৰু অৰুণাচলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা মুক্তিকামী জনগণক আহ্বান জনাইছে সংগঠন তিনিটাই । যৌথভাৱে আহ্বান জনোৱাৰ পিছতে ৰাজ্যত নিৰাপত্তা কটকটীয়া কৰা হৈছে ।প্রতিবাদী কাৰ্যসূচী হিচাপে ১৪ আগষ্টৰ নিশা ১ বজাৰ পৰা ১৫ আগষ্টৰ বিয়লি ৬ বজালৈকে সর্বাত্মক বন্ধৰ আহ্বান বিদ্রোহী সংগঠন তিনিটাৰ ।

তদুপৰি সকলো চৰকাৰী-বেচৰকাৰী কার্যালয়, ৰাজহুৱা স্থান তথা ব্যক্তি বিশেষকো স্বাধীনতা দিৱস প্রত্যাখ্যান কৰাৰ আহ্বান জনোৱা হৈছে । স্বাধীনতা দিৱস বৰ্জনৰ এই আহ্বানৰ লগতে প্রতিবাদী কাৰ্যসূচী হিচাপে ১৪ আগষ্টৰ নিশা ১ বজাৰ পৰা ১৫ আগষ্টৰ বিয়লি ৬ বজালৈকে সর্বাত্মক বন্ধৰো আহ্বান জনাইছে বিদ্রোহী সংগঠন তিনিটাই । এই সন্দৰ্ভত জাৰি কৰিছে যুটীয়া বিবৃত্তি ।

আলফা স্বাধীনৰ ৰুমেল অসম স্বাক্ষৰিত যৌথ বিবৃতিত কোৱা হয়- ‘১৯৪৭ চনৰ ১৫ আগষ্টত ক্ষমতা হস্তান্তৰৰ জৰিয়তে ব্ৰিটিছ আঁতৰি গ’ল, কিন্তু অসম, নাগালেণ্ডকে ধৰি পশ্চিম দক্ষিণ-পূব এছিয়া অঞ্চলৰ স্বাধীনচিতীয়া জাতিসমূহৰ ওপৰত চলা ঔপনিৱেশিক শোষণ-শাসনৰ চৰিত্ৰ আৰু সমস্যাবোৰ একেই থাকিল । আজিলৈকে অর্থনৈতিক পৰিকল্পনা, সম্পদৰ সদ্বব্যৱহাৰ, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ লগতে জাতীয় অস্তিত্বৰ সৈতে সম্পর্কিত যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই । বৰং ভাৰতৰ ঔপনিৱেশিক শাসকসকলে সৃষ্টি কৰা প্ৰব্ৰজনৰ (ভাৰতীয়, অভাৰতীয়) বিষয়টোৱে থলগিৰিৰ জনগাঁথনিক অস্থিৰ কৰি তুলিছে ।’

‘‘এনে ভুৱা স্বাধীনতাই সম্পূর্ণ পৃথক সত্তাৰ অধিকাৰী পশ্চিম দক্ষিণ-পূব এছিয়া অঞ্চলৰ জাতিসমূহৰ অস্তিত্বক বিগত ৭৬ বছৰে সুৰক্ষা দিব নোৱাৰিলে । আনকি বর্তমানেও ঔপনিৱেশিক শাসকগোষ্ঠীয়ে আমাৰ এই অঞ্চলৰ স’তে থকা ৰাজনৈতিক সংঘাতক তথাকথিত আইন-শৃংখলাজনিত সমস্যা বুলি গণ্য কৰি নিৰ্বিবাদে ৰাষ্ট্ৰসন্ত্রাস অব্যাহত ৰাখিছে । সেয়েহে কৃত্রিম ভাৰত ৰাষ্ট্ৰই অখণ্ডতাৰ নামত উদযাপন কৰি অহা তথাকথিত ‘স্বাধীনতা দিৱস’ বুৰঞ্জী প্ৰসিদ্ধ স্বাধীন জাতিসমূহৰ থলগিৰি জনগণৰ বাবে কেতিয়াও আদৰ্শ হ’ব নোৱাৰে ।’

লগতে বিবৃত্তিটোত কোৱা হয় – “বিশ্বৰ প্ৰতিটো জাতিৰ লক্ষ্য নিজ জাতিটোক স্বকীয় গৰিমাৰে অবাধে আগবঢ়াই নিয়া । কিন্তু আমাৰ এই ঐতিহ্যমণ্ডিত ভূখণ্ডত সকলো সিদ্ধান্ত নিৰূপিত বা জাপি দিয়া হয় হিন্দীবলয়ৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত, য’ত থলগিৰিৰ আশা-আকাংক্ষাৰ কোনো মূল্য নাই । একমাত্ৰ নিৰ্বাচনী দাসত্বৰ ৰাজনীতিৰ উদ্দেশ্যে হিতাধিকাৰী সৃষ্টিৰে থলগিৰি জাতি-জনগোষ্ঠীক আভুৱা ভাঁৰি পুতলা নচুৱাদি নচুৱাইছে । আচলতে, আঁচনি যিমানেই মহৎ নহওক, ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ সর্বগ্রাসী আগ্রাসনৰ পৰা মুক্ত নোহোৱালৈকে পৰিত্ৰাণ নাই । এনে সন্ধিক্ষণত কান্ধে কান্ধ মিলাই আত্মৰক্ষা নকৰিলে অসম, নাগালেণ্ড তথা পশ্চিম দক্ষিণ-পূব এছিয়া অঞ্চল থলগিৰিৰ হৈ নাথাকিব ।”

“সেয়েহে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘স্বাধীনতা দিৱস’ উদযাপন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ । এইবেলিও অসম, নাগালেণ্ড আৰু অৰুণাচলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা মুক্তিকামী জনগণক বৈৰী ভাৰতৰাষ্ট্ৰৰ নিৰ্ধাৰিত যিকোনো কাৰ্যসূচী বৰ্জনৰ বাবে আহ্বান জনালোঁ । তদুপৰি উক্ত সময়ছোৱাত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান কিম্বা ব্যক্তিবিশেষেও প্রত্যাখ্যান কৰক । ভুৱা ‘স্বাধীনতা দিৱস’ বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ১৪ আগষ্টৰ নিশা ১ বজাৰ পৰা ১৫ আগষ্টৰ বিয়লি ৬ বজালৈকে সর্বাত্মক বন্ধ । অৱশ্যে এই বন্ধৰ সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো প্রতিবন্ধকতা আৰোপ কৰা হোৱা নাই ।”

উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক বাৰম্বাৰ আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই অহাৰ সময়তে পুনৰ আলফাসহ তিনিটা সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : Lanka Moral Policing : লংকাত চোৰৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা একাংশৰ