Local, Vocal, Global

কলগাছিয়াত দলঙৰ এপ্ৰচ মেৰামতিত ব্যাপক দুৰ্নীতি

123

কলগাছিয়াৰ চেনীমাৰীত দলঙৰ এপ্ৰচ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ লগতে আচঁনিমতে কাম নকৰাৰ অভিযোগ ৰাইজৰ-দল সংগঠনৰ।লক ডাউনৰ সুবিধা গ্রহণ কৰি একাংশ ঠিকাদাৰে ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। সৰভোগ জনীয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত কলগাছিয়াৰ পৰা মইনবড়ীলৈ যোৱা পথৰ চেনীমাৰিত অৱস্থিত  দলঙৰ এপ্ৰচ মেৰামতিৰ কামত ঠিকাদাৰ আব্দুছ ছামাদৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। SOPD আঁচনিৰ অধীনত গড়কাপ্তানি বিভাগৰ RCC Br.12/1No দলংৰ জিও বেগেৰে এপ্ৰচ মেৰামতিৰ বাবে ৬৫ লাখ টকা  ঠিকাদাৰ নয়ন জ্যোতি তালুকদাৰে আবণ্টন পাইছিল যদিও ঠিকাদাৰে কামটো নিজে নকৰি আব্দুছ ছামাদক হস্তান্তৰ কৰে।

ছামাদে উক্ত কামটো আৰম্ভ কৰিয়েই ব্যাপক দুৰ্নীতিৰে অতি নিম্ন কাম কৰাৰ অভিযোগ কৰে ৰাইজে। ইয়াৰ উপৰিও কামটো বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ জ্ঞান নথকাৰ বাবেই এনে নিম্নমানৰ হোৱা বুলি দাবী কৰি কামটো শেষ নহওঁতেই এপ্ৰচ খহি যাব বুলি ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে আব্দুল ৱাহাব নামৰ ঠিকাদাৰ আব্দুছ ছামাদৰ ভেৰণীয়া এজনে সাংবাদিক মাতি নিয়া সংগঠনৰ কৰ্মকৰ্তাৰ লগত দুৰ্ব্যৱহাৰ কৰে। এই মন্তব্য স্হানীয় ৰাইজ, আঞ্চলিক সদস্য আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাৰ