Local, Vocal, Global

এতিয়াৰে পৰা মাইক্ৰ’ছফট ট্ৰেন্সলেটৰত উপলব্ধ হ’ব অসমীয়া ভাষা

এতিয়াৰে পৰা মাইক্ৰ’ছফট ট্ৰেন্সলেটৰত উপলব্ধ হ’ব অসমীয়া ভাষা৷ বুধবাৰে অসমীয়া ভাষাটো মাইক্ৰ’ছফট ট্ৰেন্সলেটত উপলব্ধ হোৱাৰ লগে লগে দেশৰ ১২টা ভাষা উপলব্ধ হ’ল মাইক্ৰ’ছফট ট্ৰেন্সলেটৰত৷ বঙালী, গুজৰাটী, হিন্দী, কানাড়া মালয়ালম, মাৰাঠী, উড়িয়া, পাঞ্জাৱী তামিল, তেলেগু, উৰ্দু ভাষাৰ পিছত অসমীয়া ভাষাৰ সংযোজনে বিশেষভাৱে উপকৃত কৰিব ৰাজ্যবাসীক৷ মাইক্ৰ’ছফট ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ সুন্দৰ শ্ৰীনিবাসৰ মতে প্ৰতিজন ব্যক্তি আৰু অনুষ্ঠানক জ্ঞান আহৰণৰ ক্ষেত্ৰত আৰু এখোঁজ আগুৱাই যোৱাৰ বাবে প্ৰদান কৰিব অধিক শক্তি৷ এই এপৰ জৰিয়তে ৭০তকৈ অধিক ভাষালৈ অনুবাদ কৰিব পাৰিব অসমীয়া ভাষা৷ Microsoft translator app, add-ins, office 365, bing translator আৰু Azure Congnitive Service Translator APIত উপলব্ধ হ’ব এই সুবিধা৷