বাবৰি মছজিদ ধ্বংসত ষড়যন্ত্ৰ নাছিল! কি ক’লে আদৱানী-যোশীয়ে?

বাবৰি মছজিদ ধ্বংসত দোষ নাই আদৱানীৰ নিৰ্দোষী যোশী, উমা ভাৰতীসহ সকলো অভিযুক্ত ২৮ বছৰৰ অন্তত ৰায় আদালতৰ।
ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈ গ’ল৷ আৰু অযোধ্যাৰ সেই বিবদমান স্থানত ২৮ বছৰ পূৰ্বে বাবৰি মছজিদ চূৰ্ণ-বিচূৰ্ণ কৰাৰ গোচৰত অভিযোগমুক্ত হ’ল বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতীসহ সকলো অভিযুক্ত৷ লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতৰ ২৩০০ পৃষ্ঠাৰ ৰায়, ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ সেই ঘটনা পূৰ্ব পৰিকল্পিত নাছিল, ঘটনাটো হঠাৎ ঘটি যোৱা স্বতঃস্ফূৰ্ত জনৰোষহে আছিল।
সেই অভিশপ্ত দিনটোত উন্মত্ত কৰ সেৱকৰ দলে মোগল ৰাজত্বকালৰ স্বাক্ষৰ বাবৰি মছজিদ ধূলিৰ লগত মিলাই দিছিল৷ অভিযোগ উঠিছিল ঘটনাৰ দিনা সেই স্থানত উপস্থিত থকা বিজেপি, বিশ্ব হিন্দু পৰিষদৰ নেতৃবৰ্গই কৰ সেৱকসকলক উচটনি দিছিল৷ কিন্তু বুধবাৰে লক্ষ্ণৌৰ চিবিআইৰ আদালতৰ বিচাৰত সুৰেন্দ্ৰ কুমাৰে নিজৰ ৰায়ত লিখিলে মছজিদ ভঙাত অভিযুক্তসকলৰ কাৰো হাত নাছিল৷ উন্মত্ত জনতাইহে এই ঘটনা ঘটাইছিল৷ ইয়াৰ পিছত সমাজবিৰোধীৰ হাত আছিল৷ বৰঞ্চ অভিযুক্তসকলে মছজিদ ধ্বংসত বাধা দিয়াৰহে চেষ্টা চলাইছিল।
বাবৰি মছজিদ ধ্বংসৰ গোচৰত আদালতত চিবিআই-এ জমা দিছিল বহু ভিডিঅ’ আৰু ছবি৷ কিন্তু অভিযুক্তসকলৰ অধিবক্তাৰ দাবী সেইসমূহ বিকৃত কৰা হৈছিল৷ অৰিজিনেল-নিগেটিভ নথকাৰ যুক্তি দি সেই ভিডিঅ’ আৰু ছবিসমূহ প্ৰমাণৰূপে মানি নল’লে আদালতে৷ আনহাতে আৰ এছ এছ আৰু বিশ্ব হিন্দু পৰিষদকো ক্লীনশ্বীট আদালতৰ। বিচাৰক সুৰেন্দ্ৰ কুমাৰৰ ঘোষণা প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই ঘটনাৰ সৈতে আৰ এছ এছ বা ভিএইচপিৰ কোনো ভূমিকা নাছিল৷ পিছৰ পৰা অজ্ঞাত লোকেহে আৰক্ষীলৈ লক্ষ্য কৰি দলিয়াইছিল ইটা৷
উল্লেখ্য যে বাবৰি মছজিদ ধ্বংসৰ গোচৰত মুঠ অভিযুক্ত আছিল ৪৯জন, অভিযুক্ত ৪৯জনৰ ভিতৰত ১৭জনৰ ইতিমধ্যে মৃত্যু হৈছে। ৰায়দানৰ দিনা ক’ভিড পৰিস্থিতিত বয়সলৈ চাই আদালতত উপস্থিত থকাৰ পৰা ৰেহাই পাইছিল আদৱানী, যোশী তথা উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী কল্যাণ সিং৷ উমা ভাৰতী কৰ’নাত আক্ৰান্ত হৈ হৃষিকেশৰ চিকিৎসালয়ত চিকিৎসাধীন৷ আনহাতে ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰধান নিত্যগোপাল দাস আৰু প্ৰাক্তন শিৱসেনাৰ সাংসদ সতীশ প্ৰধানো উপস্থিত নাছিল আদালতত৷ পাঁচজন অভিযুক্তই ভিডিঅ’ কনফাৰেন্সযোগে ৰায়দানৰ সময়ত উপস্থিত আছিল, সোঁশৰীৰে উপস্থিত আছিল সাক্ষী মহাৰাজ, সাধ্বী ঋতাম্ভৰাসহ ২৬জন অভিযুক্ত৷
আদালতৰ ৰায়ক আদৰণি জনাই আদৱানীয়ে আৰু ক’লে- ৰাম জন্মভূমি আন্দোলনৰ প্ৰতি মোৰ আৰু বিজেপিৰ প্ৰতি বিশ্বাস আৰু আস্থাৰ জয় হ’ল৷ মুৰুলী মনোহৰ যোশীৰ মতে এতিয়া সকলোৱে ৰাম মন্দিৰৰ নিৰ্মাণত মনোযোগ দিয়া উচিত৷ ৰায়ৰ পিছতে আদৱানী, যোশীক শুভেচ্ছা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ ৰাজনাথ সিঙে ক’লে দেৰিকৈ হ’লেও বিচাৰ ব্যৱস্থাৰ জয় হ’ল৷ প্ৰত্যাশিতভাৱে বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়ক লৈ চিবিআই আদালতৰ ৰায়ৰ বিৰুদ্ধে হতাশ কংগ্ৰেছসহ বিৰোধী দল। লগতে উচ্চ আদালতলৈ যাব বুলি ঘোষণা অল ইণ্ডিয়া পাৰ্ছনেল ল’ব’ৰ্ডৰ। এআইএমএমৰ মুৰব্বী আছাদউদ্দিন ওৱেছিৰ মন্তব্য কৰে যে আজি ভাৰতীয় বিচাৰ ব্যৱস্থাৰ ইতিহাসত ক’লা দিন।
যি কি নহওঁক, সুদীৰ্ঘ ২৮ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বাবৰি মছজিদ ধ্বংসৰ গোচৰক লৈ অৱশেষত আদালতৰ ৰায়দান আহিল৷ কিন্তু বাবৰি মছজিদ ধ্বংসৰ সেই ঘটনা চিৰদিনলৈ ধৰ্মনিৰপেক্ষ আধুনিক ভাৰতবৰ্ষৰ ইতিহাসৰ কলংকিত অধ্যায় হৈয়ে থাকিব৷