Local, Vocal, Global

Lalu prasad slams Modi: প্ৰধানমন্ত্ৰীৰ ভাষণক কঠোৰ সমালোচনা লালু প্ৰসাদ যাদবৰ

নেশ্যনেল ডেস্ক,২২আগষ্ট : প্ৰধানমন্ত্ৰীৰ ভাষণক কঠোৰ সমালোচনা ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদবৰ। স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণক সোমবাৰে কঠোৰভাৱে সমালোচনা কৰে লালু প্ৰসাদ যাদবে (Modi showed his desperation in independence day speech)।

ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদবে কয়, “আমি এনেকুৱা প্ৰধানমন্ত্ৰী আগতে কেতিয়াও দেখা নাই যিয়ে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ পূৰ্বে এনেকুৱা কথা কয় । ইয়াৰ পৰা বুজা যায় যে প্ৰধানমন্ত্ৰী হতাশ হৈ পৰিছে ।”

লগতে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে কয় যে, ১৮ টা দল একত্ৰিত হৈ পাটনা আৰু বেংগালুৰুত দুটা পৰ্যায়ৰ বৈঠকত মিলিত হৈছোঁ । চলিত মাহৰ শেষৰ ফালে তৃতীয়বাৰৰ মুম্বাইত বৈঠক অনুষ্ঠিত হ’ব আৰু তৃতীয়বাৰৰ বাবে হ’বলগীয়া বৈঠকৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ । বিজেপিক পৰাস্ত কৰি দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে আমি সকলোৱে একত্ৰিত হৈছোঁ । ইয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন, সেয়া সময়ত লোৱা হ’ব ৷”

সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভতো লালু প্ৰসাদ যাদবে কয়, “মই নিজৰ স্বাৰ্থত নহয়, দেশৰ জনসাধাৰণৰ বাবেই সফলতা কামনা কৰোঁ ।” বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ৰাজধানীৰ পৰা প্ৰায় 100 কিলোমিটাৰ নিলগৰ নিজৰ গৃহ জিলা গোপালগঞ্জত প্ৰাক্তন মুখ্যমন্ত্ৰী পত্নী ৰাবৰী দেৱীৰ সৈতে ভ্ৰমণলৈ গৈছে । আৰু তাত সাংবাদিকৰ সৈতে এক বাৰ্তালাপ হয়(Lalu prasad slams Modi) ।

উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱা লালু প্ৰসাদক অহা সপ্তাহত শুনানি হ’বলগীয়া গোচৰৰ জামিন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত চিবিআয়ে জনোৱা আবেদনৰ বিষয়েও সোধা হৈছিল ।
আৰু তেতিয়াই লালু প্ৰসাদে কয়, “মই ন্যায়পালিকাক সদায় সন্মান জনাই আহিছোঁ । আন কেইবাজনোৰ সৈতে মোক জামিন মঞ্জুৰ কৰা হৈছিল । জামিন প্ৰদানৰ সময়ত আদালতে দিয়া কোনো চৰ্ত মই কেতিয়াও উলংঘা কৰা নাছিলোঁ ।”

লগতে পঢ়ক :PM will change Constitution: ২০২৪ত পুনৰ শাসনলৈ আহিলে প্ৰধানমন্ত্ৰীয়ে সংবিধান সলনি কৰিব- লালন সিং