Local, Vocal, Global

PM will change Constitution: ২০২৪ত পুনৰ শাসনলৈ আহিলে প্ৰধানমন্ত্ৰীয়ে সংবিধান সলনি কৰিব- লালন সিং

নেশ্যনেল ডেস্ক,২১আগষ্ট : বিহাৰত অনুষ্ঠিত দলীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰীক আক্ৰমণ জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ । দেওবাৰে অনুষ্ঠিত এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লালন সিঙে কেইবাটাও অভিযোগ আনে(PM will change Constitution) । লালন সিঙে কয়, “২০২৪ চনৰ লোকসভা নিৰ্বাচনত যদি ভাৰতীয় জনতা পাৰ্টীৰ ক্ষমতা অক্ষুণ্ণ থাকে তেন্তে প্ৰধানমন্ত্ৰীয়ে সংবিধান সলনি কৰিব”। তেওঁ কয়, “যদি ২০২৪ চনত নৰেন্দ্ৰ মোডী পুনৰ ক্ষমতালৈ আহে, তেন্তে তেওঁ ভীমৰাও আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধান সলনি কৰি তাৰ ঠাইত নৰেন্দ্ৰ মোডী সংবিধান স্থাপন কৰিব”(If PM Narendra Modi will return to power in 2024, then he will change the Constitution drafted by DR BR Ambedkar and replace it with Narendra Modi Constitution)।

জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰু কয় , ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ভাৰতৰ সংবিধানৰ প্ৰতি ভাবুকি আহিছে ৷ বিজেপিয়ে পুনৰ এবাৰ ক্ষমতা দখল কৰিলে ভাৰতীয় সংবিধানৰ ঠাই নৰেন্দ্ৰ মোদী সংবিধানে দখল কৰিব । লগতে ৯ বছৰীয়া কাৰ্যকাল সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন উত্থাপন কৰে । দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৯ বছৰ কাৰ্যকাল কৰি তেওঁ কি কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে(If PM Modi retains power in 2024 he will bring Narendra Modi Constitution says JDU chief Lalan Singh)।

বিহাৰৰ নালন্দাত আয়োজিত দলীয় অনুষ্ঠানত ভাষণ দি জেডিইউৰ মুৰব্বীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনাৰে থকা-সৰকা কৰে((If PM Modi retains power in 2024 he will bring Narendra Modi Constitution says JDU chief Lalan Singh)) ।

জেডিইউৰ মুৰব্বী লালন সিঙে কয় যে, ২৬ টা দলৰে গঠিত বিৰোধী মিত্ৰজোঁট I.N.D.I.A. গঠন হোৱাৰ পিছত বিজেপি উদ্বিগ্ন হৈ পৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ খনে ক’লা ধন দেশলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু তাৰ পৰিৱৰ্তে মোদী চৰকাৰে দেশক লুণ্ঠন কৰিছে ।’’

লগতে পঢ়ক :MLA Ramakanta Deuri : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰক মন্তব্য