Local, Vocal, Global

Indian national shot dead in Mexico : মেক্সিকোত ভাৰতীয় নাগৰিক গুলীয়াই হত্যা

ইন্টাৰনেশ্যনেল ডেস্ক, ২২আগষ্ট : মেক্সিকোত ভাৰতীয় নাগৰিকক গুলীয়াই হত্য়া । মেক্সিকো চহৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ভাৰতীয় নাগৰিকক । দুৰ্বৃত্তৰ আক্ৰমণত নিহত এজন লগতে আন এজন লোক(Indian national shot dead in Mexico ) ।

উল্লেখ্য যে, ১৯আগষ্ট শনিবাৰে ৰাজধানী চহৰৰ আলগাৰিনৰ চুবুৰীয়া অঞ্চলত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা । জানিব পৰা মতে, এটা দুৰ্বৃত্তৰ দলে ভাৰতীয় নাগৰিকক আক্ৰমণ কৰে আৰু লুণ্ঠন কৰি লৈ যায় । মেক্সিকোৰ ভাৰতীয় দূতাবাসে এই কথা নিশ্চিত কৰে । লগতে মেক্সিকোৰ প্ৰশাসনক অতি শীঘ্ৰে এই গুলীচালনাৰ লগত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাই ।

দেওবাৰে এক্স-ত (পূৰ্বে টুইটাৰ) এটা পোষ্ট কৰি মেক্সিকোৰ ভাৰতীয় দূতাবাসে কয় যে, এক অত্যন্ত হৃদয়বিদাৰক ঘটনাত সংঘটিত হৈছে মেক্সিকোত । মেক্সিকোত বাস কৰা ভাৰতীয় নাগৰিকক গুলীয়াই হত্যা কৰা কৰে দুৰ্বৃত্তই । দূতাবাসে ভুক্তভোগী লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে আৰু সকলোৱে সমৰ্থন আগবঢ়াইছে ।

দূতাবাসে জনোৱা অনুসৰি, অতি শীঘ্ৰে অপৰাধীসকলক আটক কৰিবলৈ দাবী জনাইছে মেক্সিকান কৰ্তৃপক্ষক (Indian Shot Dead in Mexico City in Broad Daylight)।

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি অচিনাক্ত ডকাইতৰ দলটোৱে মেক্সিকো চহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ পৰা ভাৰতীয় নাগৰিকৰ পৰা ১০,০০০ ডলাৰ লুটি লৈ যায় ।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুখন মটৰচাইকেলত ৪ জন লোক আহিছিল আৰু ভাৰতীয় নাগৰিককেইজনক আক্ৰমণ কৰি ১০,০০০ ডলাৰ লুটি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । লগতে আৰক্ষীয়ে জনাই যে, দুৰ্বৃত্তৰ দলটোৰ গুলীত মৃত্যু হয় এগৰাকী ভাৰতীয় নাগৰিকৰ লগতে আহত হয় এজন ভাৰতীয় নাগৰিক । ইফালে আহত জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে(Indian National Shot Dead Robbed Of $10000 In Mexico) ।

আৰক্ষীয়ে জনোৱা মতে,এই গুলীচালনাৰ ঘটনাক লৈ এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ইতিমধ্যে অপৰাধীসকলক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, ভুক্তভোগী সকলৰ বাবে সাহায্যৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিছে (Indian national robbed of USD 10000 shot dead by assailants in Mexico)।

উল্লেখ্যযোগ্য যে, মেক্সিকোত ভাৰতীয় সম্প্ৰদায়ৰ লোক ৮,০০০ গৰাকী বাস কৰে । তাৰ প্ৰায় এক পঞ্চমাংশ লোক মেক্সিকো চহৰত বাস কৰে । তাৰে ভাৰতীয় লোকসকলৰ বেছিখিনিয়ে তথ্য প্ৰযুক্তি কোম্পানীৰ বাবে কাম কৰে ।

লগতে পঢ়ক :Encounter in Jammu and Kashmir Pulwama: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ