মৰিগাঁৱৰ আঁহতগুৰিত সাহিত্যৰথীৰ জন্মদিৱস উদযাপন
ৰহাৰ সমীপৰ মৰিগাওঁ জিলাৰ আঁহতগুৰিত বুধবাৰে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬সংখ্যক ওপজা দিন পালন কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি সুৰক্ষা সমিতি আৰু আঁহতগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত কপিলী নদীৰ পাৰত অৱস্থিত লক্ষ্মীনাথ বেজবৰুৱা সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ৰসৰাজৰ ১৫৬সংখ্যক জন্ম দিৱস। ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, বৃক্ষৰোপণ আদি কাৰ্যসূচীৰে পালন কৰা হয় এই জন্ম দিৱস। সাহিত্যৰথীৰ জন্মস্থানৰ পৰাই লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে কেইবাটাও দাবী উত্থাপন কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মস্থলী সম্বলপুৰলৈ অসমৰ পৰা পোনপটীয়া যোগাযোগৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা এক্সপ্ৰেছ নামেৰে ৰে’ল চলাচল কৰাৰ দাবী উত্থাপন কৰে স্মৃতি ৰক্ষা সমিতিয়ে। সেইদৰে অসমত শিক্ষা-সাংস্কৃতিক সম্পৰ্কত নতুনকৈ বিশ্ববিদ্যালয় স্থাপন কৰিলে সেই বিশ্ববিদ্যালয়ৰ নাম লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে নামকৰণ কৰা, আঁহতগুৰিৰ কপিলী ঘাটত থকা লক্ষ্মীনাথ বেজবৰুৱা সাংস্কৃতিক কেন্দ্ৰটো পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰা, গুৱাহাটী ক্লাৱৰ পৰা চানমাৰীলৈ উৰণীয়া সেঁতু হ’লে সেই সেঁতুৰ নাম ৰসৰাজৰ নামেৰে নামকৰণ কৰা আদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে স্মৃতি সুৰক্ষা সমিতিয়ে। ইপিনে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থানক লৈ আজিও বিতৰ্ক চলি থকা তথা ভিন্ন লেখকে ভিন্ন মতপোষণ কৰি নৱ প্ৰজন্মক বিভ্ৰান্তিত পেলোৱা বুলি অভিযোগ তুলি আঁহতগুৰি শাখা সাহিত্য সভাই বিষয়টো শীঘ্ৰে নিস্পত্তি কৰিবলৈ দাবী জনায়। অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰী, সম্পাদক ৰণ্টু ডেকাকে ধৰি আঁহতগুৰি শাখা সাহিত্য সভাৰ বিষয়ববীয়াৰ লগেত স্থানীয় লোক উপস্থিত থাকে।