Local, Vocal, Global

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ হ’ব সুউচ্চ watch tower

অতিশীঘ্ৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম সংযোজন চিৰাং পাহাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। য’ৰ পৰা সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰ তথা কাৰ্বি পাহাৰৰ প্ৰাকৃতিক নান্দনিক পৰিৱেশ উপভোগ কৰিব পাৰিব পৰ্যটকে। সাম্প্ৰতিক কৰ’নাসৃষ্ট পৰিৱেশৰ মাজতেই পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কলিয়াবৰ মহকুমা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ। watch tower নিৰ্মাণৰ উদ্দেশ্যৰে  চিৰাং পাহাৰত আজি উপস্থিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰ¸ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগৰ লগতে সাংবাদিকৰ এটা দল। প্ৰকৃতিপ্ৰেমী যুৱকৰ দল এটাও উপস্থিত হয় চিৰাং পাহাৰত। নৱেম্বৰ মাহৰ পৰা আৰম্ভ হবলগীয়া watch towerৰ নিৰ্মাণস্থলীৰ সম্ভাৱনীয়তা পৰ্যবেক্ষণৰ উদ্দেশ্যেৰে প্ৰায় ২ ঘন্টা ধৰি চিৰাং পাহাৰত ট্ৰেকিং কৰি দেওচুৰ ব্ৰীজত দলটোৱে দুৰ্গম যাত্ৰাৰ অন্ত পেলায়।

উল্লেখ্য যে¸ সপ্তম সংযোজন চিৰাং পাহাৰত নিৰ্মাণ হ’বলগীয়া watch towerটোক কেন্দ্ৰ কৰিয়েই পৰ্যটকৰ বাবে চিৰাং পাহাৰত ট্ৰেকিঙৰ ব্যৱস্থা কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে পৰ্যটনক্ষেত্ৰত ন-ন সংযোজন ঘটাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।