Local, Vocal, Global

লখিমপুৰত বৃদ্ধি পাইছে কভিড -১৯ ৰ সংহাৰ

সমগ্ৰ ৰাজ্যতে এতিয়া কৰ’নাৰ সংহাৰ ,পিছপৰি থকা নাই লখিমপুৰো। লখিমপুৰতো  এতিয়া বৃদ্ধি পাইছে কভিড -১৯  ৰ সংহাৰ ।
জিলা খনৰ নাওবৈচাৰ চমুৱা গাৱত গণ সংক্ৰমণ ।একেটা পৰিয়ালৰ ৭ গৰাকী ব্যক্তিৰ দেহত ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে গাওঁ খনৰ আন ৩ জন ব্যক্তিৰ দেহতো কভিড -১৯ পজিটিভ  ধৰা পৰিছে। ধেমাজীৰ বিশাল মেগামাৰ্টত কৰ্মৰত ভূপেন শইকীয়া নামৰ ব্যক্তি জনৰ দেহত ধৰা পৰিছিল  কভিড -১৯ পজিটিভ ।স্বাব পৰীক্ষা কৰাৰ আগেয়ে তেওঁ গৈছিল নাওবৈচাৰ চমুৱা গাওঁৰ ঘৰ খনলৈ । ভূপেন শইকীয়াৰ দেহৰ পৰাই সংক্ৰমণ ঘটিছে আন ব্যক্তি সকলৰ দেহলৈ বুলি সন্দেহ স্থানীয় ৰাইজৰ।