Local, Vocal, Global

  দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ সম্ভাৱনা নীপকোৰ

নীপকোৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাত পানীৰ পৰিমাণ বৃদ্ধি হৈ থকাত পৰ্যায়ক্ৰমে অতিৰিক্ত পানী এৰা হব বুলি    গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰিছে  নীপকোৰ কৰ্তৃপক্ষই । গোলাঘাট জিলাৰ উপায়ুক্তই সকলো ৰাজহ চক্ৰ বিষয়াক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ সৰ্বোচ্চ জলস্তৰ সীমা ৩২৪ মিটাৰ। ৯ জুলাইত জলস্তৰ ৩১৯.৫০ মিটাৰৰ অধিক আছিল আৰু নদীৰ উজনি অংশত হৈ থকা বৰষুণৰ বাবে পানী বাঢ়ি আছে। গোলাঘাট জিলাৰ উপায়ুক্তই সকলো নৈপৰীয়া ৰাইজক নদীত নানামিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।