Local, Vocal, Global

সাৱধান… তিনিজন গাড়ীচালক আক্ৰান্ত কৰ’নাত

লখিমপুৰ জিলাত তিনিজন গাড়ীচালকৰ দেহত covid-19 ধৰা পৰিছে। গাড়ীচালক বাহগৰাৰ মিলন দেউৰী, কাচিকটাৰ উৎপল বৰা, নাৰায়ণপুৰৰ লোহিত ভট্টাচাৰ্য আৰু ১নং বৰপথাৰৰ  নাৰায়ণপুৰৰ পল্লৱ বৰাৰ শৰীৰত covid-19 ধৰা পৰাৰ পিছত হাহাকাৰ লাগিছে লখিমপুৰ জিলাত। কাৰণ আক্ৰান্ত তিনিওজন মেজিক চালক। লখিমপুৰ জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে এতিয়াও সামাজিক দূৰত্বৰ বিষয়ে সচেতন নহয় একাংশ। গণ সংক্ৰমণৰ আশংকাৰ ভয়ত এতিয়া একাংশ শংকিত যদিও একাংশৰ নাই ভয়। বিহপুৰীয়াত একাংশৰ বেংকৰ সন্মুখত দীঘলীয়া শাৰী। য’ত নাই কোনো সামাজিক দূৰত্ব। একাংশ লোকৰ সচেতনতাৰ অভাৱত আংশকা কৰা হৈছে গণ সংক্ৰমণৰ ৷