Local, Vocal, Global

ধনৰ লালসাত নৃশংস হত্যা…

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও চহৰৰ এগৰাকী যুৱকক অপহৰণ কৰি হত্যা কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত ৷  অপহৰণ কাণ্ডৰ লগত জড়িত ৪ অপহৰণকাৰীক মঙলবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।  আৰক্ষীৰ জেৰাত ৪ যুৱকক হত্যা কৰা  হৈছে বুলি ইতিমধ্যে  স্বীকাৰ কৰিছে অপহৰণকাৰীয়ে৷ উল্লেখ্য যে ৯ জুনত গোঁসাইগাঁও চহৰখনৰ ৪ নম্বৰ ৱৰ্ডৰ আক্তাৰ হুছেইন খানৰ পুত্ৰ আমিনুৰ হুছেইন খানক অপহৰণ কৰে অজ্ঞাত দুস্কৃতিকাৰীয়ে ৷ অপহৰণৰ পিছদিনা অপহৰণকাৰীয়ে যুৱকগৰাকীৰ ঘৰত ফোন কৰি প্ৰথমে ২০ লাখ টকাৰ দাবী কৰে যদিও পৰিয়ালে অসমৰ্থতাৰ বাবে ৪ লাখ টকাতে মান্তি হয় অপহৰণকাৰী ৷ পৰিয়ালৰ লোকে টকাৰ ব্যবস্থা কৰি থকাৰ সময়তে মঙলবাৰে আৰক্ষীয়ে অপহৰণ কাণ্ডৰ লগত জড়িত ৪ যুৱকক আটক কৰি জেৰা কৰাত যুৱকজনক হত্যা কৰাৰ কথা পোহৰলৈ আহে ৷ বুধবাৰে আৰক্ষীয়ে অপহৰণকাৰী যুৱক দুজনক লৈ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনাঞ্চলত উৱলি যোৱা অৱস্থাত  অপহৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে সকলোবোৰ উগ্ৰপন্থী সংগঠন আত্মসমৰ্পণ কৰি  বিটিআৰ চুক্তি সম্পাদন হোৱাৰ পিছতে এনে ঘটনাক ৰাইজে সহজভাৱে ল’ব পৰা নাই ৷ আনহাতে বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাৰ সময়তে এগৰাকী যুৱকক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰাটো অতি দুৰ্ভাগ্যজনক বুলি ৰাইজে আক্ষেপ কৰে ৷