Local, Vocal, Global

জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনত নৈত জাহ যোৱা উপক্ৰম এটি মন্দিৰ

মৰিগাঁও জিলাৰ প্ৰায় দুশ বছৰীয়া এটি ঐতিহ্যমণ্ডিত মন্দিৰ ৷ বৰ্তমান ঐতিহ্যমণ্ডিত মন্দিৰটো লুইতৰ গৰাখহনীয়াত জাহ যাঁও যাঁও অৱস্থা। ৰাইজে মন্দিৰটোলৈ অন্তিম সেৱা জনাইছে, টুকিচে চকুলো ৷ আনফালে একাংশ খহাইছে মন্দিৰটোৰ টিন পাত ৷ গৰাখহনীয়াত সকলো হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে এগৰাকী মহিলাই৷ দিব বিছাৰিছে তেঁও লুইতত আত্মজাহ ৷ এই কৰুণ দৃশ্য হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মহমাৰী পথাৰ গাঁৱৰ ৷ এই চুবুৰীটোত ৩৫ টা খিলঞ্জীয়া পৰিয়ালে যুগ যুগ ধৰি বসবাস কৰি আছিল ৷ লুইতৰ কৰাল খহনীয়াত মাটি ভেটি হেৰুৱালে পৰিয়াল কেইটাই ৷ বহু পুৰণি মন্দিৰটো জাহ যোৱাৰ উপক্ৰম হৈছে ৷গৰাখহনীয়াত সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ এইদৰে হিয়া ঢাকুৰি কান্দিছে ৷গাঁওবাসীয়ে অন্তিম বাৰ মন্দিৰ দৰ্শন কৰি এইদৰে সেৱা জনাইছে ৷পৰিবৰ্তনকামী চৰকাৰে এই সৰ্বস্বান্ত সকলৰ বিননি শুনিবনে ৷