Local, Vocal, Global

এহাজাৰ টকাতকৈও কম মুল্যত উপলব্ধ হ’ব ক’ভিশ্বিল্ড

কৰ’না ভেকচিনৰ গৱেষণাই বৃহৎ সফলতা লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বজুৰি আশাৰ সঞ্চাৰ হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত চলা কৰ’না ভেকচিনৰ দুটাকৈ পৰ্যায়ত মানৱ দেহত চলোৱা সম্পৰীক্ষন সফলতাৰে সম্পন্ন হোৱাৰ পিছত ভাৰততো এই ভেকচিনৰ হিউমেন ট্ৰায়েল চলাৰ কথা ঘোষণা কৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই। অক্সফ’ৰ্ডৰ গৱেষণাৰ উদ্যোক্তা ঔষধ নিৰ্মাতা এষ্ট্ৰা জেনেকাৰ সৈতে  ভেকচিন প্ৰস্তুতৰ বাবে চুক্তিবদ্ধ হৈছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া। ছিৰাম ইনষ্টিটিউটৰ মুখ্য কায্যবাহী বিষয়া অডৰ পুনাৱালাই জনাই যে এই  ভেকচিনটোৰ নাম হ’ব ক’ভিশ্বিল্ড (COVISHIELD) ।বাণিজ্যিক উৎপাদনৰ পিছত এই ভেকচিনটোৰ এটা ড’জৰ মুল্য প্ৰায় এহাজাৰ টকাতকৈও কম হ’ব বুলি জানিব দিয়ে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কায্যবাহী বিষয়া অডৰ পুনাৱালাই।