Local, Vocal, Global

অৱশেষত আৰক্ষীৰ জালত পলাতক ক’ভিড পজিটিভ ৰোগী

বিশ্বনাথৰ কোৱাৰেণ্টিন চেণ্টাৰৰ পৰা বুধবাৰ পলায়ন কৰা ক’ভিড পজিটিভ আলমিন শ্বেখক বৃহস্পতিবাৰে কৰায়ত্ত কৰে বিশ্বনাথ আৰক্ষীয়ে। বিশ্বনাথৰ আমবাৰীত জংঘলৰ মাজত লুকাই আছিল আলমিন। বৰ্তমান আলমিনক বালিচাং চিকিৎসালয়ত চিকিৎসাধীন পলায়নকাৰী আলমিন । উল্লেখ্য যে আলমিন শ্বেখৰ ঘৰ পশ্চিমবংগৰ মুৰ্ছীদাবাদত ৷ চতিয়াৰ উদয়পুৰৰ এটা ভাড়া ঘৰত থাকি গাঁৱে-গাঁৱে বস্তু বিক্ৰি কৰিছিল যুৱকজনে ৷ ২০ তাৰিখে কলিকতাৰ পৰা অহা আলমিনক বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰেণ্টিন কেন্দ্ৰত ৰখা হৈছিল। ২২তাৰিখে নিশা কভিড পজিটিভ হোৱাৰ খবৰ পোৱাৰ পিছতে পলায়ন কৰিছিল যুৱকজনে।