Local, Vocal, Global

লাহৰীঘাটত লুইতৰ গৰাখহনীয়াই লৈছে সংহাৰী ৰূপ

সমগ্ৰ ৰাজ্যজুৰি বানে ত্ৰাসৰ সৃষ্টি কৰিছিল। মৰিগাঁও জিলাৰ লাহৰীঘাটতো বানে লৈছিল সংহাৰী ৰূপ। বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও মৰিগাঁও জিলাৰ লাহৰীঘাটত লুইতৰ গৰাখহনীয়াই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে।প্ৰায় তিনিমাহ ধৰি লাহৰীঘাটত লুইতৰ গৰাখহনীয়াৰ তাণ্ডৱ লীলা অব্যাহত ৰাখিছে।গৰাখহনীয়াৰ ফলত গাঁওখনৰ প্ৰায় দুই শতাধিক পৰিয়াল ইতিমধ্যে গৃহহীন হৈছে।

ইয়াৰোপৰি খহনীয়াত জাহ গৈছে এখন প্ৰাথমিক বিদ্যালয়। তাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ চৰকাৰক শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে নৈপৰীয়া ৰাইজে ৷