Local, Vocal, Global

KXIPৰ পৰাজয়ৰ পাছতে ক্ষোভিত স্বত্বাধিকাৰী প্ৰীতি জিণ্টা

ত্ৰয়োদশ সংস্কৰণ প্ৰথম মেছত পৰাজয়ৰ পিছতে ক্ষোভিত কিংছ এলেভেন পাঞ্জাৱৰ স্বত্বাধিকাৰী প্ৰীতি জিণ্টা। মেচত আম্পায়াৰৰ ভুলৰ বাবে কিংছ ইলেভেন পঞ্জাৱ পৰাস্ত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিলে স্বত্বাধিকাৰীগৰাকীয়ে। উল্লেখ্য যে খেলৰ ১৮.৩ অভাৰত ময়ংক আগৰৱাল আৰু ক্ৰিছ জৰ্দানে দুই ৰাণ সংগ্ৰহ কৰিছিল। কিন্তু বেটিং দিশত ক্ৰিছ জৰ্দানে সীমা পাৰ নোহাৱা বুলি ঘোষণা কৰি চৰ্ট ৰাণ প্ৰদান কৰে। আৰু ইয়াৰ পিছতে ক্ষোভিত হৈ পৰে কিংছ এলেভেন পাঞ্জাৱৰ স্বত্বাধিকাৰী প্ৰীতি জিণ্টা।

টুইটাৰ যোগে এইদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে স্বত্বাধিকাৰীগৰাকীয়ে।