Local, Vocal, Global

উহঃ বৰ গৰম! কিন্তু অৱশেষত আহিল এজাক আশাৰ বৰষুণ

উহঃ বৰ গৰম। কিন্তু গৰম পৰিত্ৰাণ কৰি মহানগৰবাসীয়ে আমোদ পালে শৰতৰ প্ৰথমজাক বৰষুণৰ। মহানগৰীৰ বিভিন্ন-প্ৰান্তত এজাক বৰষুণে জুৰ পেলালে মহানগৰবাসীৰ দেহ–মন। বিগত কিছুদিন ধৰি উৎকট গৰমে দহিছিল মহানগৰবাসীৰ লগতে ৰাজ্যবাসীক। উল্লেখ্য যে দেওবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমান আছিল ৩৬.৮ ডিগ্ৰী চেলচিয়াছ।

উল্লেখ্য যে দেওবাৰে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ পূৰ্বাঞ্চলক ধাৰাষাৰ বৃষ্টিপাতৰ আগজাননী দিছিল।

শেহতীয়াকৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৰা আগজাননী অনুসৰি অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ প্ৰায়ভাগ জিলাৰ বেছিভাগ স্থানত বৰষুণ হোৱাৰ উপৰিও গুৱাহাটী মহানগৰীৰতো বৰষুণৰ সম্ভাৱনা আছে।