Website Design: dastechnologies.in
কভিড প্ৰট’কল উলংঘা কৰি বিয়া পতা পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈছে যোৰহাট জিলা প্ৰশাসন । ইতিমধ্যে দৰা মানস প্ৰতিম দত্ত আৰু কইনা লিমাশ্ৰী বৰুৱাৰ বিৰুদ্ধে পুলিবৰ আৰক্ষী থানা আৰু যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে যোৰহাট জিলা প্ৰশাসনে। উল্লেখ্য যে উক্ত বিবাহ অনুষ্ঠানত প্ৰশাসনৰ নিয়ম উলংঘা কৰি অত্যাধিক লোকক নিমন্ত্ৰণ জনাইছিল দুয়োটা পৰিয়ালে । আৰু এই বিবাহ অনুস্থানত উপস্থিত আছিল লক্ষ্যজিৎ বৰদলৈ নামৰ কভিড পজিটিভ যুবকজনৰ লগতে তেওঁৰ পিতৃ-মাতৃ । ইয়াৰ পিছতে বিবাহ অনুস্থানত উপস্থিত থকা ২২১ গৰাকীক হোম কোৱাৰেন্টিন কৰাৰ লগতে SWAB সংগ্ৰহ কৰা হৈছে । লক্ষ্যণীয়ভাৱে উক্ত বিবাহ অনুষ্ঠানত উপস্থিত আছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ।