Local, Vocal, Global

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত প্ৰতিবাদ। গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অনশনত বহিল সংগঠনটোৰ সদস্যসকল।ৰাজ্যবাসীৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ নতুন উদ্যোগ নীতি বলৱৎ কৰাৰ তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে। এই উদ্যোগ নীতিৰ জৰিয়তে সাধাৰণ কৃষকৰ ভূমি সহজতে বণিক গোষ্ঠীলৈ যোৱাটো নিশ্চিত বুলি মন্তব্য কৰি কয় যে অতিশীঘ্ৰে বাতিল কৰক নতুন উদ্যোগ নীতি। ইয়াৰ উপৰিও কাৰাগাৰত আৱদ্ধ হৈ থকা অখিল গগৈৰ অৱস্থা শোচনীয়। কৰ’ণা লক্ষণৰ দৰে বেমাৰত ভুগি থকাৰ পিছতো চৰকাৰ, স্বাস্থ্য বিভাগে অখিল গগৈক ভালদৰে স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। অতিশীঘ্ৰে অখিল গগৈক মুক্তিৰ দাবী তোলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

টীয়কতো অসমত উদ্যোগৰ ক্ষেত্ৰত সকাহ দিয়াৰ নামত অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি সোমবাৰে টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, যোৰহাট জিলা সমিতিয়ে অনশন কাৰ্যসূচী গ্ৰহণ কৰে৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনায় সংগঠনটোৱে৷ উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়াক কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ’লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। উল্লেখ্য যে বৰ্তমান কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ উন্নত চিকিৎসাৰ বাবে দাবী জনোৱাৰ লগতে শীঘ্ৰে বিনাচৰ্তত মুক্তি দিবলৈ অনশনথলীৰ পৰাই দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।