Local, Vocal, Global

হাহিম বনাঞ্চলৰ কাষৰীয়া এলেকাত বনৰীয়া হাতীৰ বিচৰণ

কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই থকাৰ সমান্তৰাল ভাৱে অসম মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত হাহিম অঞ্চলতো বন্যহস্তীয়ে যোৱা কিছুদিনৰ পৰা অঞ্চলটোৰ ৰাইজৰ টোপনি হৰিছে। প্ৰায় ৪০টা বনৰীয়া হাতীৰ দলটোৱে অঞ্চলটোত বিচৰণ কৰিছে। মানুহে বনাঞ্চল ধ্বংস কৰি জনবসতি গঢ়ি তোলাৰ ফলতেই ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে মানুহ আৰু বনৰীয়া হাতীৰ মাজত সংঘাত। খাদ্যৰ সন্ধানত প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ দলটো। এই ক্ষেত্ৰত অৱশ্যে, বন বিভাগৰ নিৰ্লিপ্ততাও নুই কৰিব নোৱাৰি। কিয়নো হাহিমত আছে পশ্চিম কামৰূপ বন সংমণ্ডল অধীনত হাহিম ফৰেষ্ট বিট অফিচ। কিন্তু কৰ্মচাৰীৰ অভাৱৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ’লেও বন বিভাগে কোনো ধৰণৰ সহায় আগবঢ়াব নোৱাৰে আৰু ইয়াৰ ফলত বন বিভাগৰ ওপৰত ৰাইজ মাজে মাজে ক্ষোভিত হৈ পৰা দেখা যায় ।