Local, Vocal, Global

অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবীত গোলাঘাটত প্ৰতিবাদ

গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

কাৰাৰূদ্ধ অখিল গগৈক উন্নত চিকিৎসা প্ৰদান আৰু অখিল গগৈক মুক্তিৰ দাবীত প্ৰতিবাদ  সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতয়ে  । গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত মানব শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ । কাৰাগাৰত আৱদ্ধ হৈ থকা অখিল গগৈৰ অৱস্থা সূচনীয়। কৰ’নাৰ লক্ষণৰ দৰে বেমাৰত ভুগি থকাৰ পিছতো ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে অখিল গগৈক ভালদৰে স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপিত কৰে সংগঠনটোৱ । অতি শীঘ্ৰে অখিল গগৈক মুক্তিৰ দাবী তোলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।