Website Design: dastechnologies.in
অৱশেষত নগাঁও ক’ভিড হাস্পতালত বিদ্ৰোহ কৰা মডেল ইশ্ৱিকা বৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷ ক’ভিড হাস্পতাল কৰ্তৃপক্ষক নজনোৱাকৈ ঘৰলৈ গুচি যোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত স্বাস্থ্য বিভাগে যোগান ধৰা কেতবোৰ সামগ্ৰী তথা আহিলা পাতি ঘৰলৈ লৈ যোৱাৰ অভিযোগত এই এজাহাৰ দাখিল কৰিছে নগাঁৱৰ ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত থকা ক’ভিড হাস্পতালৰ নডেল বিষয়া মুকুট বৰাই মডেলগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ৷ অভিযোগ মতে চিকিৎসালয়ৰ পৰা মঙলবাৰে ৰিলিজ দিয়া হৈছিল ইশ্বিকাক৷ তাৰ পিছতে তেওঁ হাস্পতাল কৰ্তৃপক্ষৰ লগত কোনো ধৰণৰ আনুষ্ঠানিকতা সম্পন্ন নকৰাকৈ আৰু কৰ্তৃপক্ষক নজনোৱাকৈ হাস্পতাল ত্যাগ কৰে৷ চিকিৎসাধীন সময়ত স্বাস্থ্য বিভাগে যোগান ধৰা কেটলি, ম’হ খেদোৱা আহিলাপাতি আদি লৈ যোৱাৰো অভিযোগ মডেলগৰাকীৰ বিৰুদ্ধে৷ স্মৰ্তব্য যে মুম্বাইৰ পৰা উভতি আহি পৰৱৰ্তী সময়ত ক’ভিড পজিটিভৰূপে চিনাক্ত হোৱা মডেলগৰাকীয়ে চিকিৎসালয়ত পোৱা বিভিন্ন অসুবিধা সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰিছিল৷ আনকি বহু চিকিৎসকৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰো অভিযোগ তুলিছিল মডেলগৰাকীয়ে৷ অৱশ্যে ক’ভিড হাস্পতাল কৰ্তৃপক্ষই তোলা অভিযোগ সন্দৰ্ভত এই বাতৰি প্ৰস্তুত কৰাৰ সময়লৈ ইশ্বিকা বৰাৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই৷