Local, Vocal, Global

কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ দায়িত্ব কে.এল ৰাহুলক!

সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’নাৰ ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ দায়িত্ব ভাৰতীয় ক্ৰিকেটাৰ তথা কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক লোকেশ ৰাহুলক। কথা শুনি আচৰিত হৈছে চাগে! হয়তো বিশ্বাস কৰিবলৈ টান পাইছে। কিন্তু এয়া সত্য।

ভাৰতীয় ক্ৰিকেটাৰ তথা কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক লোকেশ ৰাহুলক কৰ’নাৰ ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ দায়িত্ব প্ৰদানৰ পোষকতা কৰে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা জনপ্ৰিয় ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কিংছ ইলেভেন পাঞ্জাৱ বনাম ৰয়েলছ চেলেঞ্জাৰ বাংগালুৰৰ খেলৰৰ সময়ত এই মন্তব্য কৰে জনপ্ৰিয় ধাৰাভাষ্যকাৰ গৰাকীয়ে।

কিন্তু কিয় আকাশ চোপ্ৰাই কে.এল ৰাহুলক কৰ’নাৰ ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ দায়িত্ব প্ৰদানৰ কথা কলে?

কে.এল ৰাহুলৰ ফৰ্ম আৰু প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ আকাশ চোপ্ৰাই কথাষাৰ কৈছিল। উল্লেখ্য যে বিগত সময়চোৱাত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনৰে প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ লগতে ক্ৰিকেট সমালোচকৰ মন জয় কৰিবলৈ সক্ষম হৈছে কে.এল ৰাহুলে। ভাৰতীয় দলত অপেনিং, মিডল অৰ্ডাৰ, ফিনিচাৰ ক্ষেত্ৰত টীম মেনজমেন্টে দিয়া দায়িত্ব সুচাৰু ৰূপে সমাপন কৰাৰ লগতে উইকেট কিপিং আৰু বিৰাট-ৰোহিতৰ অনুপস্থিত নিউজীলেণ্ডত অনুস্থিত টী-২০ শৃংখলাৰ অন্তিম মেছত টীম ইণ্ডিয়াৰ অধিনাকৰ দায়িত্ব পালন কৰি দলক বিজয়ী কৰিছিল। লগতে বৃহস্পতিবাৰে অনুষ্ঠিত IPLৰ ষষ্ঠখন মেছত শতকৰ জৰিয়তে কিংছ ইলেভেন পাঞ্জাৱক চলিত সংস্কৰণৰ প্ৰথম জয়ৰ সোৱাদ দিয়াৰ ৰাহুলে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিছে। আৰু কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক হিচাপেও কে.এল ৰাহুলে কেৱল দুখন খেলতে নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দিছে।

কে.এল ৰাহুলক প্ৰসংশা কৰিবলৈ গৈয়ে জনপ্ৰিয় ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাই কৰ’নাৰ ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ দায়িত্ব অৰ্পন কথা উল্লেখ কৰে।