প্ৰয়োজনত দিল্লীলৈ নিয়া হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক

পুনৰ অসুস্থ হৈ সম্প্ৰতি GMCHৰ ICUত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বৃহস্পতিবাৰে নিশা শৰীৰত অক্সজেনৰ মাত্ৰা হ্ৰাস পোৱাত পুনৰ চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ICUতে কৃত্ৰিমভাৱে অক্সিজেন দি থকা হৈছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে কৰ’নাত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। পৰবৰ্তী সময়ত সুস্থ হৈ উঠিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। লক্ষ্যণীয়ভাৱে বৃহস্পতিবাৰে পুনৰ অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
বৃহস্পতিবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈৰ স্বাস্থ্য অৱস্থা বুজ লৈ মন্তব্য কৰে যে প্ৰয়োজনত উন্নত চিকিৎসাৰ বাবে তেওঁক দিল্লীলৈ প্ৰেৰণ কৰা হ’ব পাৰে। আজি গগৈৰ স্বাস্থ্য অৱস্থা আৰু চিকিৎসা সন্দৰ্ভত GMCHৰ চিকিৎসকৰ দলে দিল্লীৰ এইমছৰ চিকিৎসকৰ দলৰ সৈতে এক কনফাৰেন্সত মিলিত হ’ব। এইমছৰ চিকিৎসকে গগৈৰ চিকিৎসা বিষয়ে বুজ লব। আৰু যদি এইমছৰ চিকিৎসকৰ দলে গগৈ দিল্লীত চিকিৎসা কৰা সন্দৰ্ভত পোষকতা কৰে তেন্তে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।