সন্মুখত বৃহৎ লক্ষ্য ২১৭,বেট লৈ খেলপথাৰত ধোনী সপ্তম স্থানত কিয়?

বহু জল্পনা-কল্পনাৰ অন্ততঃ মৰুৰ দেশত দৰ্শকৰ হৰ্ষোল্লাস অবিহনে আৰম্ভ হৈছে DREAM11 আইপিএল। IPL ৰ প্ৰথমখন মেচৰ পৰাই আৰম্ভ হৈছে বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰীৰ বৰষুণ। টি ২০ ক্ৰিকেট বুলিলে ছিক্সাৰৰ বৰষুণ সবৰ্জ্ঞাত ৷ খেলৰ মাজত সৃষ্টি হয় বহু ৰেকৰ্ড, বিভিন্ন খেলুৱৈয়ে দৰ্শনীয় প্ৰদৰ্শনৰ মাজেৰে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি কাবলৈ সক্ষম হয়৷ আইপিএলৰ এখন হাইভেল্টেজ মেচ, মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত সেই খেলখনত দেখিবলৈ পোৱা গ’ল এক আচৰিত দৃশ্য৷ চেন্নাইক জয়ৰ বাবে প্ৰয়োজন আছিল ধোনী উইকেটলৈ অহাৰ৷ কিন্তু প্ৰয়োজনীয় সময়ত নিজে নমাৰ পৰিবৰ্তে বেটিংলৈ পঠিয়াইছিল ছেম কৰণ-কেদাৰ যাদৱহঁতক৷ উইকেটৰ শেষৰ পিনে ধোনী আহিল সকলোকে আচৰিত কৰি ৭নম্বৰ স্থানত৷ সেইসময়ত মেচ ইতিমধ্যে চি.এচ.কে. ৰ হাতৰ পৰা ওলাই গৈছিল৷
প্ৰশ্ন উঠিল ধোনীৰ বেটিং অৰ্ডাৰক লৈ৷ একাংশৰ মতে নিজৰ বেটিং প্ৰদৰ্শনক লৈ আত্মবিশ্বাস হেৰুৱাইছে নেকি ধোনীয়ে? ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দলৰ প্ৰথমখন খেলত ধোনীয়ে নিজে নমাৰ পৰিৱৰ্তে খেলপথাৰলৈ পঠিয়াইছিল ছেম কৰণক৷ যিখন খেলত ছেম কৰণে ৬ টা বলত ১৮ ৰাণ কৰি চেন্নাইৰ জয়ৰ পথ প্ৰসস্থ কৰিছিল৷ সেইসময়ত কিন্তু ধোনীৰ শলাগ লৈছিল ক্ৰিকেট অনুৰাগীয়ে৷ কিন্তু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতেই ধোনীয়ে ৭ নম্বৰ স্থানলৈ নিজকে অৱনমিত কৰাৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে৷
ইতিমধ্যে উল্লেখ কৰিছে ‘সঁচা ক’বলৈ গ’লে ধোনীৰ সিদ্ধান্তত মই আচৰিত হৈছো৷ ধোনীৰ বেটিং অৰ্ডাৰক মই গ্ৰহণ কৰিব পৰা নাই৷’ খেলখনৰ পিছতেই ধোনীৰ প্ৰতি বিভিন্ন প্ৰশ্নৰ প্ৰক্ষেপ হৈছে৷ প্ৰশ্নৰ সন্মুখীন হোৱাৰ পিছত মহেন্দ্ৰ সিং ধোনীৰ উত্তৰ ‘মই বহুদিন বেটিং কৰা নাই৷ ১৪ দিনৰ কোৱাৰেণ্টাইনেও মোক সহায় নকৰিলে৷ অনেক কষ্ট কৰিছিলো৷ প্ৰতিযোগিতা আৰম্ভ হৈছেহে আৰু বহু বাকী আছে৷’ কিন্তু আচৰিত ধৰণে বিশ্ব বন্দিত অধিনায়কগৰাকীয়ে ৭ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা কথাটোৱে আচৰ্যকৰ সৃষ্টি কৰাৰ লগতে ক্ৰিকেটপ্ৰেমীসকলৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ অৱশ্যে ধোনী সদায় ব্যতিক্ৰম, খেলৰ মাজতেই ধোনীয়ে সৃষ্টি কৰে ৰণকৌশল৷ নিজৰ প্ৰদৰ্শনৰ কথা নিজেই দেখি ধোনীয়ে সুযোগ দিলে নবীন ক্ৰিকেটাৰক৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও ইউএই আইপিএলত বিশাল ছিক্সাৰ গৈ ষ্টেডিয়াম অতিক্ৰমী পথত পৰা বলটোৱে প্ৰমাণ কৰিছে মাহী এতিয়াও অনবদ্য৷