Local, Vocal, Global

সিংঘুত উপস্থিত হৈ প্ৰতিবাদী কৃষকৰ সকলো দাবীলৈ সমৰ্থন কেজৰিৱালৰ

বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৃষকৰ প্ৰতিবাদে ভৰি দিলে দ্বাদশ দিনত। সিংঘুসহ দিল্লী-হাৰিয়ানাৰ সীমাত বহু ঠাইত অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে কৃষকসকলে। সোমবাৰে সিংঘুত উপস্থিত হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কৃষকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় কেজৰিৱালে। সিংঘুত সাংবাদিকৰ সন্মুখত কেজৰিৱালৰ মন্তব্য, “কৃষকসকলৰ সকলো দাবীক আমি সমৰ্থন কৰো। তেওঁলোকৰ দাবী আৰু সমস্যা ন্যায়সংগত। মই আৰু আমাৰ দলে আৰম্ভণিৰে পৰা কৃষকসকলৰ আন্দোলনৰ পক্ষত আছো৷ ৯খন ষ্টেডিয়ামত অস্থায়ী জে’ললৈ ৰূপান্তৰিত কৰাৰ অনুমতি বিচাৰিছিল দিল্লী আৰক্ষীয়ে। আমাৰ ওপৰত হেঁচাও দিয়া হৈছিল৷ কিন্তু সেই অনুমতি নিদিলো৷

কৃষক বিক্ষোভৰ বাবে সিংঘু, অওচান্দি, পিআও মানিয়াৰি আৰু মংগেশ সীমান্তৰে যান-বাহনৰ চলাচল বন্ধ কৰি ৰাখিছে দিল্লী আৰক্ষীয়ে। ৯ ডিচেম্বৰত কৃষকসকলৰ সৈতে আকৌ বৈঠকৰ আহ্বান জনাইছে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে। কিন্তু কৃষি সংক্ৰান্তীয় বিতৰ্কিত তিনিওখন আইন প্ৰত্যাহাৰৰ দাবীত অটল হৈ আছে কৃষকসকল।