ছিৰিজ জয়ৰ পিছত জন্মিদন পালন, নাই বার্থ ডে’ বয় জাদেজা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-টুৱেণ্টী ছিৰিজ দখল কৰি ভাৰতীয় ক্ৰিকেট দলে উদযাপন কৰিলে ৩ তাৰকাৰ জন্মদিন। দেওবাৰে জন্মদিন আছিল শ্ৰেয়স আয়াৰ আৰু যশপ্ৰীত বুমৰাহৰ। শনিবাৰে আছিল শিখৰ ধাৱানৰ জন্মদিন। সেয়েহে একেলগে তিনিও কেক কাটি খুৱাই দিলে ইজনে সিজনক।
চাওক জন্মদিন উদযাপনৰ সেই ভিডিঅ’-
Let the celebrations begin!
December 5️⃣ – @SDhawan25 🎂
December 6️⃣ – @ShreyasIyer15 & @Jaspritbumrah93 🎂 and series win 🏆 with a match to spare!What a day for #TeamIndia in Australia 🎉🥳 pic.twitter.com/EoNQApMT16
— BCCI (@BCCI) December 6, 2020
কিন্তু দেওবাৰে জন্মদিন আছিল ৰবীন্দ্ৰ জাদেজাৰো। কিন্তু কেক কটাৰ এই পৰ্বত জাদেজাক দেখা নগ’ল। শুকুৰবাৰে ছিৰিজৰ প্ৰথমখন টি-২০ত মিচেল ষ্টাৰ্কৰ বলত মূৰত আঘাতপ্ৰাপ্ত হৈ জাদেজাৰ কনকাছন হৈছিল। বেটিং কৰিলে যদিও কৰিব নোৱাৰিলে ফিল্ডিং, বাহিৰ হ’ল টি-২০ শৃংখলাৰ পৰাই। জাদেজাৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা সেয়া এতিয়াও জানিব পৰা হোৱা নাই।