Local, Vocal, Global

সদায় কেঁচা জলকীয়া খালে কি কি উপকাৰ?

জলকীয়া নহ’লে বহুতৰে পেটলৈ ভাত নাযায়। বহুতৰ আকৌ জলকীয়াৰ নাম শুনিলেই জিভা পোৰে। কম হওক বা বেছি, অসমৰ প্ৰায়সংখ্যক লোকৰে কেঁচা জলকীয়া খোৱাৰ অভ্যাস। কেঁচা বা সেউজীয়া জলকীয়া খোৱাৰ ভালেমান উপকাৰিতা আছে। সেউজীয়া বা কেঁচা জলকীয়াৰ পৰা স্বাস্থ্যৰ কি কি উপকাৰ হ’ব পাৰে জানো আহক।

শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ পৰা শৌচ খোলোচা হোৱা, ওজন হ্ৰাস হোৱা আদি অনেক উপকাৰ সাধন কৰে কেঁচা জলকীয়াই। কেঁচা জলকীয়াত কেলৰীৰ মাত্ৰা অতি কম হোৱাত চৰ্বিহীন খাদ্য তালিকাৰ অন্যতম উপাদান হোৱাৰ উপযুক্ত। তদুপৰি কেঁচা জলকীয়াত থাকে ভিটামিন ‘এ’, ‘চি’, ‘কে’ আৰু অন্যান্য শৰীৰৰ বাবে উপকাৰী উপাদান।

ওজন কমোৱাত সহায়ক

কেলৰীৰ মাত্ৰা কম হোৱাত কেঁচা জলকীয়াই খাওতাৰ ওজন হ্ৰাসত সহায় কৰে। তদুপৰি শৰীৰৰ বাবে পুষ্টি যোগানৰ প্ৰক্ৰিয়াতো সহায় কৰে কেঁচা জলকীয়াই। যাৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত কেলৰী দাহ কৰাত কেঁচা জলকীয়াই বিশেষ ভূমিকা ল’ব পাৰে।

হৃদযন্ত্ৰ সুস্থ ৰখাত সহায়ক

কেঁচা জলকীয়াত থকা বেটা কেৰটিন নামৰ পদাৰ্থবিধে দেহৰ কাৰ্ডিঅ’ ভেছকুলাৰ ব্যৱস্থাটো সুকলমে চলাই যোৱাত সহায় কৰে। কেঁচা জলকীয়াই তেজৰ কলেছষ্ট্ৰৰল আৰু ট্ৰাই গ্লিছাৰাইডৰ মাত্ৰা হ্ৰাস কৰাৰ ফলত হৃদৰোগৰ আশংকা হ্ৰাস কৰাত ফলপ্ৰসু।

সাধাৰণ পাণী লগাৰ উপশম ঘটায়

কেঁচা জলকীয়াত থকা কেপছাইছিন নামৰ পদাৰ্থবিধে শ্বাসতন্ত্ৰৰ পাতল আচ্ছাদনলৈ ৰক্ত প্ৰবাহ বৃদ্ধি কৰে। ফলত নিসৰিত মিউকাছ পাতলীয়া হয়। অৰ্থাৎ সাধাৰণ পানীলগাৰ পৰা উপশম লাভত কেঁচা জলকীয়াই সহায় কৰে।

প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

শেহতীয়া মহামাৰীজনিত পৰিস্থিতিত ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হোৱাটো অত্যাৱশ্যক। ভিটামিন চি আৰু বেটা কেৰাটিন থকা কেঁচা জলকীয়াই ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৱশ্যে বেছি ভাল ফলাফল পাবলৈ খোৱাৰ পূৰ্বে কেঁচা জলকীয়া অন্ধকাৰ আৰু ঠাণ্ডা ঠাইত থ’ব লাগে অন্যথা উষ্ণতা, পোহৰ আৰু বায়ুৰ সংস্পৰ্শত ইয়াত থকা চি ভিটামিন হানি হয়।

ডায়েবেটিছ ৰোগীৰ বাবে সুফলদায়ক

ডায়েবেটিছ ৰোগীয়ে জলকীয়া খালে শৰীৰত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সুফল পায়। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে ঔষধৰ সৈতে কেঁচা জলকীয়া নিয়মিত খাই থাকিলে শৰীৰত শৰ্কৰাৰ মাত্ৰা অধিক হাৰত অৱনমিত হ’ব পাৰে। সেয়েহে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।

জলকীয়াৰ অপকাৰ

প্ৰয়োজনতকৈ অধিক পৰিমাণে কেঁচা জলকীয়া খালে পেটৰ জ্বলা-পোৰা, বিষ আদি হোৱাৰ আশংকা থাকে। পেটৰ গণ্ডগোলৰ পৰা ডায়েৰীয়া আদি অসুখৰ কাৰণো হ’ব পাৰে অধিক মাত্ৰাত কেঁচা জলকীয়া ভক্ষণ কৰিলে। যদিহে হজম সংক্ৰান্তীয় পেটৰ গোলমাল থাকে তেন্তে বেছিকৈ কেঁচা জলকীয়া নোখোৱাই ভাল। আনহাতে সেউজীয়া জলকীয়াত থকা কেপাছাইছিনে ছালৰ এলাৰ্জী বঢ়ায়। সেয়েহে কেঁচা জলকীয়াৰ উপকাৰ লাভৰ বাবে উপযুক্ত মাত্ৰাতহে খাব লাগে।