Local, Vocal, Global

২০২৪ৰ অলিম্পিকত অন্তর্ভুক্ত হ’ব ব্ৰেকডান্সিং

ব্ৰেকডান্সিঙক দিয়া হ’ল অলিম্পিক ক্ৰীড়াৰ মৰ্যাদা। ২০২৪ চনৰ পেৰিচ অলিম্পিকত অন্তর্ভুক্ত হ’ব ব্ৰেক ডান্স প্ৰতিযোগিতা। আন্তৰ্জাতিক অলিম্পিক কমিটীৰ অধ্যক্ষ থমাছ বেকে নিশ্চিত কৰিছে এই খবৰ। আনফালে কৰ’না মহামাৰীৰ বাবে পিছুৱাই দিয়াৰ পিছত ২০২১ৰ ২৩ জুলাইৰ পৰা হ’ব টকিঅ’ অলিম্পিক। ৩ বছৰৰ পিছত পেৰিচত হ’বলগীয়া অলিম্পিকত অন্তর্ভুক্ত হৈছে চাৰিটাকৈ নতুন ক্ৰীড়া। সেইকেইটা হ’ল- ব্ৰেকডান্সিং, স্কেটবৰ্ডিং, স্পৰ্ট ক্লাইম্বিং আৰু ছাৰফিং। অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাক বিভিন্ন দিশৰ পৰা উজ্জ্বীৱিত কৰি তোলাৰ প্ৰয়াসেৰে এনে পদক্ষেপ লৈছে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে। মূলতঃ পৃষ্ঠপোষক, সম্প্ৰচাৰক আৰু যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ। আন্তৰ্জাতিক অলিম্পিক কমিটীৰ এক নতুন নিয়মৰ অধীনত আয়োজক চহৰখনক নিজা অঞ্চলত জনপ্ৰিয় কিছু ক্ৰীড়া বাছনি কৰাৰ সুযোগ দিছে। তাৰ অধীনতে পেৰিচ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ’ল ব্ৰেকডান্সিঙকে ধৰি চাৰিবিধ নতুন ক্ৰীড়া। ৭০ দশকত আমেৰিকাত হিপ-হপ সংস্কৃতিৰ অংগ হিচাপে বিকশিত হৈছিল ব্ৰেকডান্সিং। পৰৱৰ্তী সময়ত যুক্তৰাষ্ট্ৰৰ সীমা পাৰ হৈ দেশে-বিদেশে জনপ্ৰিয় হৈ পৰে ব্ৰেকডান্সিং।