Local, Vocal, Global

কাজিৰঙাৰ কহঁৰাত অচিনাক্ত বাহনৰ খুন্দাত নিহত হৰিনা

কাজিৰঙাৰ কহঁৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এটা হৰিনা৷ বুধবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত  সংঘটিত হয় ঘটনাটো ৷ একাংশ স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত হৰিণাৰ মৃতদেহটো উদ্ধাৰ কৰে। ঘটনাৰ সন্দৰ্ভত ৰাইজৰ অভিযোগ কেৱল বানৰ সময়তহে ৰাষ্ট্ৰীয় ঘাইপথটোত বন বিভাগে যান বাহনৰ  নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহন কৰে ৷ যিহেতু বছৰৰ সকলো সময়তে বন্যজন্তু পথটোৰে অহা যোৱা কৰি থাকে, সেয়েহে বছৰৰ সকলো সময়তে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাইছে ৰাইজে।