Local, Vocal, Global

মালিগাঁৱত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

মালিগাঁৱত পিঞ্জৰাৱদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী ।বুধবাৰে নিশা মালিগাঁৱৰ আদিংগিৰি পাহাৰত পিঞ্জৰাৱদ্ধ হ’ল অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটো। যোৱা কেইবাদিনো ধৰি অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে। শুকুৰবাৰে নাহৰফুটুকীটোৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশু। তাৰ পিছতেই গুৱাহাটী সংমণ্ডল বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নেতৃত্বত খানামুখ আৰু ফটাশিল বন বিভাগৰ লগতে মালিগাঁও গোশালা আৰক্ষী চকীৰ সহযোগত শনিবাৰে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰিছিল বন বিভাগে। বন বিভাগৰ পতা ফাণ্ডত বুধবাৰে নিশা ছাগলী ভক্ষণ কৰিবলৈ আহি আৱদ্ধ হ’ল নাহৰফুটুকীটো। নাহৰফুটুকীটো চাবলৈ যথেষ্ট লোকৰ সমাগম হয় অঞ্চলটোত। ইফালে বন বিভাগ আৰু চিৰিয়াখানাৰ এটা চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলাইছিল যদিও অৱশেষত  ট্ৰেংকুলাইজ নকৰাকৈ নাহৰফুটুকীটোক গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱাৰ বাবে সক্ষম হয়৷