Local, Vocal, Global

জম্মু-কাশ্মীৰৰ নাগৰোটাত পুৱা এনকাউণ্টাৰ

 

পুনৰ অশান্ত ভূ-স্বৰ্গ জম্মু-কাশ্মীৰ। আজি পুৱতি নিশাৰ পৰা পুৱালৈ চলা এক সংঘৰ্ষত নাগৰোটা অঞ্চলত জইছ-ই-মহম্মদৰ ৪ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আৰক্ষীৰ এজন কনিষ্ঠ বলকে ধৰি কেইবাজনো লোক আহত হৈছে। ৰাজ্যখনত অব্যাহৰ আছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী, নিৰাপত্তা বাহিনীৰ অভিযান।

চোৰাং চোৱা সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ-শ্ৰী নগৰ ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে চলাইছিল তালাছি অভিযান। সেই সময়তে এখন টোল গেটৰ ওচৰত পুৱতি নিশা কৰ্তব্যৰত আৰক্ষীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ দলে অতৰ্কিতে এক বিস্ফোৰণ ঘটায়। আৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়াত সন্ত্ৰাসবাদীৰ দলটোৱে এন্ধাৰৰ সুযোগ লৈ ওচৰৰ হাবিত আশ্ৰয় লয়। লগে লগে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি পেলায়। পুৱা থিক ৫ মান বজাত উগ্ৰ পন্থীৰ বিৰুদ্ধে আৰম্ভ হয় অভিযান। এই অভিযানতে ৪ সন্ত্ৰাসবাদী নিহত হয়। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান ডিলবাগ সিঙে পিছত সংবাদ মাধ্যমৰ আগত নিহত সন্ত্ৰাসবাদী কেইটা জইছ-ই-মহম্মদৰ সদস্য বুলি নিশ্চিত কৰে। টোল গেটত চলি থকা তালাচিৰ সময়ত ট্ৰাকত অহা সন্ত্ৰাসবাদী দলটোৱে প্ৰথমে এক গ্ৰেনেড বিস্ফোৰণ ঘটাইছিল। এই ঘটনাৰল লগে লগে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাই পথটো বন্ধ কৰি নিৰাপত্তাৰক্ষীয়ে অধিক তীব্ৰতৰ ৰূপত সন্ত্ৰাস বাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।