Local, Vocal, Global

কিয়  এডিটৰ্ছ গীল্ড এৰিলে পদ্মশ্ৰী  পেট্ৰিচিয়াই?

দেশৰ সংবাদ পত্ৰ, নিউজ চেনেলৰ সন্মানীয় সম্পাদক সকলৰ শীৰ্ষ মঞ্চ এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ পৰা উত্তৰ-পূব ভাৰতৰ বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখিমৰ পদত্যাগক কেন্দ্ৰকৰি এই প্ৰান্তৰ সাংবাদিক সমাজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।কিন্তু ইয়াতকৈও চিন্তনীয় বিষয় হৈ পৰিছে যিটো কাৰণত এডিটৰ্ছ গীল্ডৰ সদস্য পদ ত্যাগ কৰিলে শ্বিলং টাইমছ কাকতৰ সম্পাদক পেট্ৰিচিয়া মুখিমে ।তেওঁ বিস্ফোৰক অভিযোগ এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ ভুমিকা ‘এডিটৰ’ সকলৰ ক্ষেত্ৰত নিৰপেক্ষ নহয়,বৰং চৰম পক্ষপাতমূলক ।আৰু এখোপ আগবাঢ়ি পেট্ৰিচিয়াই অভিযোগ কৰিছে যে অৰ্ণৱ গোস্বামীৰ দৰে দেশৰ তথাকথিত গ্লেমাৰাছ সাংবাদিকৰ সমস্যাক লৈহে সজাগ আৰু সৰৱ গীল্ড ।পেট্ৰিচিয়া মুখিমৰ বিৰুদ্ধে শ্বিলং উচ্চ ন্যায়ালয়ে অলপতে দিয়া এক ৰায় সন্দৰ্ভত এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ আশ্বৰ্যজনক নিৰৱতাই ক্ষুন্ন কৰি তোলে পদ্মশ্ৰী  পেট্ৰিচিয়া মুখিমক ।গীল্ডৰ মুৰব্বী হিমা মুস্তাফালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত মনৰ ক্ষোভ উজাৰি  পেট্ৰিচিয়াই লিখিছে অৰ্ণৱ গোস্বামীৰ শেহতীয়া গ্ৰেপ্তাৰ প্ৰসংগত অতিকে সৰব আছিল এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ ভুমিকা ।অথচ যি গোচৰত অৰ্ণৱক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেই গোচৰৰ সৈতে সাংবাদিকতাৰ কোনো সম্পৰ্ক নাছিল ।বিপৰীতে মেঘালয় উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে পেট্ৰিচিয়াৰ বিৰুদ্ধে যোৱা ১০ নবেম্বৰত দিয়া ৰায় সন্দৰ্ভত সম্পূৰ্ণ নিৰৱ এডিটৰ্ছ গীল্ড ।উল্লেখযোগ্য যে যোৱা জুলাই মাহত পেট্ৰিচিয়াই দিয়া এটা ফেচবুক পষ্টৰ দ্বাৰা সাম্প্ৰদায়িক সংহতি বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰি মেঘালয়ৰ এক সংস্থাই গোচৰ তৰিছিল ।আৰু আদালতে পেট্ৰিচিয়া মুখিমক দোষী সাব্যস্ত কৰি দিছিল ৰায়দান ।