Local, Vocal, Global

কভিডৰ কবলত চলমান খানৰ ঘনিষ্ঠ

দেশৰ বহুকেইখন ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ আৰু ভিন্ন স্থানৰ পৰা প্ৰশাসনে আঁতৰাইছে লকডাউন৷ কিন্তু সামগ্ৰিকভাৱে দেশত ক’ভিড-১৯ৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই৷ এইবাৰ ক’ভিডত আক্ৰান্ত হ’ল চল্লুভাইৰ গাড়ীচালক আৰু দুগৰাকী দেহৰক্ষী৷ যাৰ ফলত বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খান আৰু ছলমান খানৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য আছে এতিয়া ১৪ দিনৰ কোৱাৰেণ্টাইনত৷ ছলমান খানে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিজকে সম্পূৰ্ণ সজাগতাৰে আইছ’লেচনত ৰাখিছে৷ ইতিমধ্যে ছলমানৰ ক’ভিড সংক্ৰমিত গাড়ীচালক আৰু দেহৰক্ষীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷

কালাৰ্ছ টিভিৰ জনপ্ৰিয় শ্ব’ বিগ বছ ছিজন-১৪ৰ ঘোষক হিচাপে আছে ছলমান খান৷ তেনে সময়তে লক্ষ্যণীয় হ’ব বিগ বছৰ আহি থকা খণ্ডকেইটাত ছলমান খান উপস্থিত থাকিবনে নে নাথাকে? লকডাউনে জুৰুলা কৰিছিল দেশৰ চলচ্চিত্ৰ উদ্যোগক৷ কিন্তু ৮ মাহ পিছত স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ বাবেই চলচ্চিত্ৰ প্ৰযোজকসকলে আৰম্ভ কৰিছে ছবি নিৰ্মাণৰ কাম৷ বলীউডলৈ পুনৰ প্ৰাণ ঘূৰি অহাৰ সময়তে ছুপাৰষ্টাৰ ছলমান খানৰ ঘনিষ্ঠ ক’ভিড আক্ৰান্ত হোৱাৰ খবৰে পুনৰ উদ্বিগ্ন কৰি তুলিছে ছবি উদ্যোগৰ সৈতে জড়িতসকলক৷