কৰিমগঞ্জত ব্যৱসায়ীক ধন দাবী কৰি আৰক্ষীৰ জালত দুই যুৱক

লোভেই পাপ, পাপেই মৃত্যু। ব্যৱসায়ীক ধন দাবী কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল দুই যুৱক। কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষীৰ জালত পৰিল ছাদ্দাম হুছেইন আৰু লেছাই মেহমুদ নামৰ দুই যুৱক। আৰক্ষীৰ জালত পৰা দুয়োজনৰ ঘৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মানিকবন্দ গাঁৱত। ২৯ জুলাই নাগৰা এলেকাৰ ব্যৱসায়ী শিৱেন্দ্ৰ দাসক ফোনযোগে ১০ লাখ টকা ধন দাবী কৰিছিল। আটকাধীন দুই যুৱকে দাবী কৰা ধন আদায় নিদিলে পৰিয়ালৰ আটাইকেইজন সদস্যক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল। ব্যৱসায়ী শিৱেন্দ্ৰ দাসে ফোনযোগে ধন দাবী কৰা সন্দৰ্ভত তথ্য সহকাৰে বাজাৰিছড়া আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল। ঘটনাৰ তদন্তৰ অন্তত বাজাৰিছড়া আৰক্ষীয়ে ছাদ্দাম হুছেইন আৰু লেছাই মেহমুদ নামৰ দুই যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।