Local, Vocal, Global

ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ শিক্ষক

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুমুৰীয়া পিকনাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছিৰখাত হুছেইনক ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ তৰফৰ পৰা কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত হৈছে। প্ৰধান শিক্ষক হুছেইনৰ বিশেষ প্ৰচেষ্টাত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ কেৱল পুঠিগত জ্ঞানৰ চৰ্চাতে সীমাবদ্ধ নাথাকি খেল-ধেমালি, সাহিত্য-সংস্কৃতি সকলো দিশকে দক্ষতাৰে সামৰি লোৱাৰ লগতে ছাত্র-ছাত্ৰীৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক সকলো দিশ সামৰি সৰ্বাংগীন উত্তৰনৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে বিদ্যালয়খনত। বিদ্যালয়খনৰ আন্তঃগাঁথনি টনকিয়াল কৰাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱেও পদক্ষেপ লোৱাৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মৰত শিক্ষকৰ তথা বিদ্যালয়ৰ বাবে আগবঢ়োৱা অৱদান সকলোৰে প্ৰশংসনীয়। পৰম্পৰাগত পদ্ধতিৰে ন-ন মনোগ্ৰাহী পদ্ধতি অৱলম্বনেৰে শিক্ষাদান কৰাত আগ্ৰহী তথা শিক্ষাৰ ক্ষেত্ৰখনৰ উপৰিও বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত সমাজ হিতৈষী এজন যোগ্য শিক্ষকৰূপে শলাগে সকলোৱে।ভাৰত চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানৰ বাবে বিবেচনা কৰাত বঙাইগাঁও জিলা প্ৰশাসন তথা বঙাইগাঁওবাসী ৰাইজক উৎফুল্লিত তথা গৌৰৱাম্বিত কৰি তুলিছে।