Local, Vocal, Global

খুজি মাগি পোৱা টকাৰেই ২৫ হাজাৰ টকা সাঁচি দান কৰিলে মন্দিৰৰ নামত

নিজৰেই নাই খাবলৈ, খুজি মাগি পোৱা টকাৰেই ২৫ হাজাৰ টকা সাঁচি দান কৰিলে মন্দিৰৰ নামত জন্মান্ধ এগৰাকী লোকে পদপথত গান গাই উপাৰ্জন কৰা সামান্য টকাৰেই কিছু কিছু সাঁচি ৰাখিছিল।

 

সেই টকাৰেই ২৫ হাজাৰ টকা মন্দিৰ চি চি টিভি কেমেৰাৰ বাবে দান কৰিলে লোকগৰাকীয়ে। এই জন্মান্ধ লোকগৰাকীৰ নাম মৃদুল পাল, ঘৰ কৰিমগঞ্জ জিলাৰ শ্ৰীগৌৰীত।

 

জন্মান্ধ হোৱাৰ বাবে অন্য উপাই নাপাই ডিঙিত হাৰমনিয়াম ওলোমাই পথত ঘুৰি ঘুৰি গান গাই অৰ্থ উপাৰ্জন কৰি নিজৰ ভৰণপোষণ কৰি আহিছে।

 

কিন্ত এই জন্মান্ধ মানুহজনে নিজৰ মহানুভৱতাৰ পৰিচয় দি চকু থকা মানুহৰ সমাজক দেখুৱালে যে কেৱল সম্পদ হলেই মানুহ ধনবান নহয়। ধনবান হোৱাৰ কাৰণে বিত্ত লগতে চিত্তয়ো ভাল হব লাগে।

 

এইজন জন্মান্ধ মৃদুল পালে পথত গান গাই উপাৰ্জনৰ সঞ্চয় কৰি মুঠ ২৫ হাজাৰ টকা যোৱা নিশা শ্ৰীগৌৰী বজাৰ কালী মন্দিৰত চি চি টিভি কেমেৰা লগোৱাৰ কাৰণে মন্দিৰ পৰিচালনা কমিটিৰ হাতত দান কৰিছে।

 

চকু থকা মানুহে মন্দিৰ সা সামগ্ৰী চুৰি কৰিব নোৱাৰিব বুলি অন্ধ লোকজনে এই পদক্ষেপ গ্ৰহণ কৰি এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰি এতিয়া সৰ্বত্ৰ প্ৰশংসিত।নিজৰেই নাই খাবলৈ,খুজি মাগি পোৱা টকাৰেই ২৫ হাজাৰ টকা সাঁচি দান কৰিলে মন্দিৰৰ নামত। জন্মান্ধ এগৰাকী লোকে পদপথত গান গাই উপাৰ্জন কৰা সামান্য টকাৰেই কিছু কিছু সাঁচি ৰাখিছিল।

 

সেই টকাৰেই ২৫ হাজাৰ টকা মন্দিৰ চি চি টিভি কেমেৰাৰ বাবে দান কৰিলে লোকগৰাকীয়ে। এই জন্মান্ধ লোকগৰাকীৰ নাম মৃদুল পাল, ঘৰ কৰিমগঞ্জ জিলাৰ শ্ৰীগৌৰীত।

 

জন্মান্ধ হোৱাৰ বাবে অন্য উপাই নাপাই ডিঙিত হাৰমনিয়াম ওলোমাই পথত ঘুৰি ঘুৰি গান গাই অৰ্থ উপাৰ্জন কৰি নিজৰ ভৰণপোষণ কৰি আহিছে।

 

কিন্ত এই জন্মান্ধ মানুহজনে নিজৰ মহানুভৱতাৰ পৰিচয় দি চকু থকা মানুহৰ সমাজক দেখুৱালে যে কেৱল সম্পদ হলেই মানুহ ধনবান নহয়। ধনবান হোৱাৰ কাৰণে বিত্ত লগতে চিত্তয়ো ভাল হব লাগে।

 

এইজন জন্মান্ধ মৃদুল পালে পথত গান গাই উপাৰ্জনৰ সঞ্চয় কৰি মুঠ ২৫ হাজাৰ টকা যোৱা নিশা শ্ৰীগৌৰী বজাৰ কালী মন্দিৰত চি চি টিভি কেমেৰা লগোৱাৰ কাৰণে মন্দিৰ পৰিচালনা কমিটিৰ হাতত দান কৰিছে।

 

চকু থকা মানুহে মন্দিৰ সা সামগ্ৰী চুৰি কৰিব নোৱাৰিব বুলি অন্ধ লোকজনে এই পদক্ষেপ গ্ৰহণ কৰি এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰি এতিয়া সৰ্বত্ৰ প্ৰশংসিত।