Local, Vocal, Global

বিপদমুক্ত কপিল দেৱ

১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱ হৃদৰোগত আক্ৰান্ত। নতুন দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন অধিনায়কগৰাকী। চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ইতিমধ্যে তেওঁৰ এটা এনজিঅ’প্লাষ্টি সম্পন্ন হৈছে। কপিল দেৱৰ অসুস্থতাৰ বাতৰিৰ খবৰ টুইটাৰৰ জৰিয়তে প্ৰথম প্ৰচাৰ হয় । লীনা থাকৰে নামৰ এগৰাকী ক্ৰীড়া সাংবাদিকে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীৰ অসুস্থতাৰ বিষয়ে টুইট কৰাৰ পিছতহে দেশজুৰি এই খবৰ বিয়পি পৰে। ১৯৭৮ চনত পাকিস্তানৰ বিৰুদ্ধে এখন টেষ্ট মেচৰ জৰিয়তে হাৰিয়ানা হাৰিকেনৰূপে খ্যাতি লাভ কৰে ক্ৰিকেটাৰগৰাকীয়ে। ১৯৮৩ চনত লর্ডছত ক্ৰিকেট ইতিহাসত ভাৰতীয় দলে অন্যতম চমকপ্ৰদ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল মহানায়কগৰাকীৰ নেতৃত্বত।কপিল দেৱে ক্ৰিকেটৰ বাহিৰেও গ’লফ খেলিছিল। গ’লফতো তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ হৈ নুঠিলেও বিপদ মুক্ত  বুলি  চিকিৎসকে জানিবলৈ দিছে। ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ এই নমস্য ব্যক্তি গৰাকীৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ খবৰে সুখী কৰিছে তেওঁৰ লাখ লাখ অনুৰাগীক।