Local, Vocal, Global

অসমত গোৰ্খা সম্প্ৰদায়ৰ লোকে খেলা এবিধ বিশেষ খেল

এবিধ বিশেষ খেল। অসমত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে খেলি আহিছে পৰম্পৰাগত এই বিশেষ খেল।পৰম্পৰা অনুসৰি দুৰ্গা পূজাৰ সময়ত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে আদিপুৰ্বৰে পৰা খেলি আহিছে এই বিশেষ খেলবিধ।খেলবিধৰ নাম লিংগে পিং।খেল বিধত এখন ডাঙৰ জুলনা বনাই শিশুৰ পৰা বৃদ্ধলৈ,পুৰুষ মহিলা আদি কৰি সকলোৱে জুলনাত উঠি আনন্দ উল্লাস কৰে।উদ্যোক্তা সকলে জনোৱা মতে ৰাবনক বধ কৰি ৰামে উভতি অহাৰ সময়ত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে ফুৰ্তী কৰাৰ উদ্দেশ্যে এই মনোৰঞ্জন মুলক খেল খন উদযাপন কৰি আহিছে।আন এক জনশ্ৰুতি মতে দুৰ্গা পুজাৰ সময়ত মাতিৰ পৰা কিছুসময় আতৰি থাকিব লাগে কাৰনে এই জুলনা খেল খেলি আহিছে।আৰু সেই পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আজি ভৱানীপুৰ বিব্লক গাওৰ গোৰ্খা অধ্যোসিত মাজ লাইন চুপাত এই লিংগে পিং অৰ্থাৎ জুলনা খন মুকলি কৰে।অতীজৰে পৰা এই অঞ্চলৰ লোক সকলে সমুহীয়া ভাবে খেলি অহা এই খেল খনত শিশু,পুৰুষ মহিলা সকলোৱে আনন্দত মতলীয়া হৈ অংশগ্ৰহন কৰে।