নৰেন্দ্ৰ মোদীক কটাক্ষ ড’নাল্ড ট্ৰাম্পৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক নৰেন্দ্ৰ মোদীয়ে বন্ধু হিচাপে অভিহিত কৰি আহিলেও মোদীৰ স্ৱচ্ছ ভাৰত অভিযানক কটাক্ষ কৰিব নেৰিলে ড’নাল্ড ট্ৰাম্পে। ড’নাল্ড ট্ৰাম্পে কৈছে ভাৰতৰ বতাহ এতিয়া দূষিত। ভাৰতৰ প্ৰতি তীব্ৰ শ্লেষপূৰ্ণ মনোভাৱেৰে কয়- ভাৰত এখন লেতেৰা দেশ। ইয়াৰ বতাহ এতিয়াও দূষিত। আসন্ন ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ সৈতে অনুষ্ঠিত মুখামুখি বিতৰ্কৰ সময়ত মোদীৰ স্বচ্চ ভাৰত অভিযানক লৈ এইদৰে কটাক্ষ কৰে ট্ৰাম্পে। মোদী চৰকাৰৰ বিৰুদ্ধে অতিৰিক্ত আমদানী শুল্ক জাপি দি আন্তৰ্জাতিক মুক্ত বাণিজ্যৰ পৰিপন্থী আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ড’নাল্ড ট্ৰাম্পে। চলিত মাহৰ প্ৰথমটো ভাগত বাইডেনৰ সৈতে প্ৰথম প্ৰেছিডেন্সিয়েল ডিবেটতো ট্ৰাম্পে ভাৰতত কৰ’নাত মৃত্যুৰ প্ৰকৃত সংখ্যাক লৈ প্ৰশ্ন কৰিছিল। আমেৰিকাত ক’ভিড-১৯ত মৃত্যুৰ সংখ্যাক লৈ বাইডেনে প্ৰশ্ন কৰাত ট্ৰাম্পে কৈছিল- চীন আৰু ভাৰততো কিমান মানুহৰ মৃত্যু হৈছে তাৰ সঠিক তথ্য প্ৰকাশ কৰা হোৱা নাই।