Local, Vocal, Global

কংগনা ৰাণাৱট আৰু ভগ্নী ৰংগ’লীক মুম্বাই আৰক্ষীৰ চমন

তৃতীয়বাৰৰ বাবে মুম্বাই আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব লাগিব বলীউড তাৰকা কংগনা ৰাণাৱট আৰু তেওঁৰ ভগ্নী ৰংগ’লী চাণ্ডেল। ছ’চিয়েল মিডিয়াযোগে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত কংগনা আৰু ৰংগ’লীক অভিযুক্ত কৰিছে মুম্বাই আৰক্ষীয়ে। ইয়াৰ পূৰ্বে যোৱা ২৬, ২৭ অক্টোৱৰত দুয়োকে বান্দ্ৰা আৰক্ষী থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল আৰক্ষীয়ে। কিন্তু দুয়ো সেই তাৰিখত হাজিৰ নহ’ল। দ্বিতীয়বাৰ ৯ আৰু ১০ নৱেম্বৰত দুয়োকে হাজিৰৰ বাবে মুম্বাই আৰক্ষীয়ে জাৰি কৰা চমন মতেও আৰক্ষীৰ ওচৰত হাজিৰ নহ’ল কংগনা আৰু তেওঁৰ ভনীয়েক। কংগনাই আৰক্ষীক জনাইছিল যে পৰিয়ালৰ এখন বিয়াৰ বাবে ১৫ নৱেম্বৰৰ পিছতহে তেওঁলোক হাজিৰ হ’ব পাৰিব। তাৰ পিছতো ৩ নৱেম্বৰত জাৰি কৰা দ্বিতীয় চমনত দুয়োকে ৯ আৰু ১০ নৱেম্বৰত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে। বান্দ্ৰা মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতে বলীউডৰ কাষ্টিং ডাইৰেক্টৰ মুনাৱাৰ আলী চয়ীদৰ অভিযোগমৰ্মে যোৱা মাহত কংগনা আৰু তেওঁৰ ভনীয়েকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল। ভাৰতীয় দণ্ডবিধি আইনৰ 153A, 295A আৰু 124Aৰ অধীনত গোচৰ পঞ্জীয়ন কৰি এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰা অভিনেত্ৰী কংগনা আৰু ভনীয়েক ৰংগ’লীয়ে মুম্বাই আৰক্ষীৰ শেহতীয়া চমন অনুযায়ী বান্দ্ৰা আৰক্ষীৰ ওচৰত হাজিৰ হয় নে নহয়, সেয়া হ’ব লক্ষ্যণীয়।