Local, Vocal, Global

ঘৰতে নিজেই কৰিব পাৰিব কৰ’নাৰ টেষ্ট

ঘৰতে ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে উদ্ভাৱন কৰা এক টেষ্ট কিট ব্যৱহাৰত অনুমতি দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে। কৰ’না ভাইৰাছৰ স্ব পৰীক্ষাৰ বাবে অনুমোদিত এইটোৱে প্ৰথম হোম টেষ্ট কিট। এই কিটটোৰ জৰিয়তে ৩০ মিনিটৰ ভিতৰতে ফলাফল লাভ কৰিব পাৰিব। মাত্ৰ এবাৰেই ব্যৱহাৰ কৰিব পৰা এই টেষ্ট কিট উদ্ভাৱন কৰিছে লুচিৰা হেলথ নামৰ প্ৰতিষ্ঠানটোৱে। ঘৰতে নিজেই নিজৰ নেজেল স্বোৱাব বা নাকৰ পৰা নমুনা সংগ্ৰহ কৰি ব্যৱহাৰকাৰীয়ে জানিব পাৰিব তেওঁ কৰ’নাত আক্ৰান্ত হয় নে নহয়। ১৪ বছৰৰ উৰ্ধৰ যিকোনো লোকে এই টেষ্ট কিট ব্যৱহাৰ কৰিব পাৰিব। কৰ’নাৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰা হয় যদিও, এনে কিট ঘৰতে সন্দেহজনক আক্ৰান্তই নিজেই নিজৰ বেলিকা ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু আমেৰিকাত অনুমতি পোৱা এই টেষ্ট কিটে সন্দেহজনক আক্ৰান্তক অনায়াসে ঘৰতে ক’ভিড টেষ্ট কৰাৰ সুযোগ দিলে। এই টেষ্ট কিট চিকিৎসালয়তো ব্যৱহাৰ কৰিব পৰা যাব। ১৪ বছৰৰ তলৰ সন্দেহজনক কৰ’না আক্ৰান্তৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মীয়েহে সংগ্ৰহ কৰিব লাগিব নমুনা। ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বজুৰি চলা যুদ্ধত হোম টেষ্ট কিটৰ শেহতীয়া সংযোজন নিশ্চিতভাৱে আশাব্যঞ্জক খবৰ।