Local, Vocal, Global

জ’ বিডেনক ‘গজিনি’ আখ্যা কংগনা ৰাণাৱাটৰ

বিতৰ্কত থাকি ভালপোৱা বলীউড অভিনেত্ৰী কংগনা ৰাণাৱাটৰ। সততে বিতৰ্কিত মন্তব্যৰে ছ’চিয়েল মিডিয়াত চৰ্চাত থকা কংগনাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ কৰা এটা টুইটে সৃষ্টি কৰিছে আন এক বিতৰ্কৰ। টুইটাৰত কংগনাই আমেৰিকাৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিক সমৰ্থন প্ৰকাশ কৰে যদিও অতি তৰলভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক। কমলা হেৰিছৰ ভাষণৰ ভিডিঅ’ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই লিখে- ‘গজিনি বিডেনৰ বিষয়ে মই নিশ্চিত নহয় যাৰ প্ৰত্যেক ৫ মিনিটৰ মূৰে মূৰে ডাটা ক্ৰেছ হয়, যিবিলাক ঔষধ তেওঁক দি থকা হৈছে তাৰ দ্বাৰা তেওঁ এবছৰৰ অধিক বৰ্তি থাকে নে নাই, তাৰ ঠিকনা নাই। নিশ্চিতভাৱে কমলা হেৰিছে শ্ব’ চলাই যাব। যেতিয়া এগৰাকী মহিলাৰ উত্থান হয়, তেতিয়া তেওঁ প্ৰত্যেক মহিলাৰ বাবে পথ উলিয়ায়।’

চাওক কংগনা ৰাণাৱাটৰ সেই বিতৰ্কিত টুইট-

https://twitter.com/KanganaTeam/status/1325288675056312325