Local, Vocal, Global

আজি তেজস্বী যাদৱৰ জন্মদিন

বিহাৰ বিধানসভা নির্বাচনৰ মহাজোঁটবন্ধনৰ মুখ্যমন্ত্রী পদৰ পাৰ্থী তেজস্বী যাদৱৰ আজি ৩১ সংখ্যক জন্মদিন ।৩১বছৰীয়া হোৱা তেজস্বী যাদৱ বিহাৰৰ পৰৱর্তী মুখ্যমন্ত্রী হ’ৱ নে নাই তাক লৈ অব্যাহত আছে চৰ্চা । প্ৰাক নিৰ্বাচনী সমীক্ষাৰ পৰা জানিব পৰা মতে তেজস্বীয়ে হয়তো হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্রী ।প্ৰাক নিৰ্বাচনী সমীক্ষাৰ ধাৰণা অনুসৰিয়েই যদি বিহাৰ নিৰ্বাচন ফলাফল হয় তেন্তে জন্মদিনৰ ঠিক এদিনৰ পিচতে তেজস্বী যাদৱে পাব সকলোতকৈ ডাঙৰ উপহাৰ ।  তেজস্বী যাদৱে  ‘ৰাষ্ট্রীয় জনতা দল’ কৰ্মকৰ্তাসকলক অতি সাধাৰণভাৱে তেওঁৰ জন্মদিন পালন কৰিবলৈ আহ্বান জনায় । নিৰ্বাচনী প্ৰচাৰৰ সময়ত মহাজোঁটবন্ধনৰ সদস্যসকলৰ সহযোগত তেজস্বী যাদৱে ২৫০ খনৰো অধিক জনসভাত অংশগ্রহণ কৰে। নৱম শ্রেণীলৈ অধ্যয়ন কৰা তেজস্বী যাদৱ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱৰ পুত্র।
২০১৫ চনত তেজস্বী যাদৱে প্ৰথমবাৰৰ বাবে ৰাঘ’পুৰ বিধানসভাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আৰু প্ৰথমবাৰতে জয় লাভ কৰিবলৈ সক্ষম হয়। নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ উপ-মুখ্যমন্ত্রী হ’বলৈ সক্ষম হৈছিল তেজস্বী যাদৱ। ২০২০ৰ বিহাৰ বিধানসভাৰ নির্বাচনৰ প্ৰাক নিৰ্বাচনী সমীক্ষা  অনুসৰি মুখ্যমন্ত্রীৰ গাদী দখল কৰিব পাৰে  তেজস্বী যাদৱে ।