কামপুৰত খহনীয়াৰ ভয়ংকৰ ৰূপ

কামপুৰৰ ডিং গাঁৱত কপিলী নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। গৰা খহনীয়াই তচনচ কৰিছে কামপুৰৰ কপিলীৰ পাৰ। তৎস্বত্তেও কাণসাৰ নাই বিধায়ক ডিম্বেশ্বৰ দাসৰ। গাৰুখুন্দা পঞ্চায়তৰ ডিং গাঁৱত ২০১৮ চনতে মথাউৰি ভাঙিছিল যদিও আজি পৰ্যন্ত মেৰামতি হৈ নুঠিল। যাৰ পৰিপ্ৰেক্ষিত সমগ্ৰ ডিং গাঁওবাসীৰ লগতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিলৈও নামি আহিছে ভাবুকি।
কঁঠিয়াতলী উন্নয়ন খণ্ডৰ গাৰুখুন্দা পঞ্চায়তত MGNREGA ৰ আঁচনিৰ জৰিয়তে গৰা খহনীয়া প্ৰতিৰোধৰ বাবে ৮লাখ ২২ হাজাৰ টকাৰ আঁচনি গ্ৰহণ কৰিছিল যদিও আচঁনিখনৰ নামত এখন ফলকহে দেখা পালে ৰাইজে। বিধায়ক ডিম্বেশ্বৰ দাসক ৰাইজৰ মৰ্মবেদনা বুজিবলৈ আহ্বান জনাইছে স্থানীয় লোকে।