Local, Vocal, Global

অপেক্ষাৰ অৱসান! অৱশেষত মুকলি হ’ব ৰ’পৱে

অপেক্ষাৰ অৱসান। বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাৱাহাটী সংযোগী ৰ’পৱে। ২৪ আগষ্টত সীমিত আনুষ্ঠানিকতাৰে মুকলি হ’ব ৰ’পৱে। ৰ’পৱে উন্মোচন অনুষ্ঠানৰ বাবে সাজু হৈছে  লুইতৰ দুয়ো পাৰ। সজাই পৰাই তোলা হৈছে উত্তৰ গুৱাহাটীৰ প্লেটফৰ্ম ।বিভিন্ন আহুকালৰ মাজেৰে ২০০৮ চনতে আৰম্ভ কৰা ৰ’পৱেৰ নিৰ্মান অৱশেষত সম্পূৰ্ণ হৈছে। মুখ্যত: পৰ্যটন উদ্যোগ বিকাশৰ বাবে নিৰ্মান কৰা ৰ’পৱে এটা দশক ধৰি আইনী মেৰপেচৰ বাবে থমকি ৰৈছিল নিৰ্মানৰ কাম । ইতিমধ্যেই নিৰ্মাণ সম্পূৰ্ণ কৰি ২৪ আগষ্টত মুকলিৰ বাবে সাজু হৈছে বহু প্ৰত্যাশিত দেশৰ দীৰ্ঘতম নদী ৰ’পৱে।

সাধাৰণ জনতাই ঢুকি পোৱাকৈ যাত্ৰীৰ ভাড়া নিৰ্ধাৰণ কৰিছে। এবাৰ পাৰ হলে ষাঠি টকা আৰু দুবাৰত এশ টকা নিৰ্ধাৰণ কৰিছে । দুবছৰলৈ নিৰ্মাণ প্ৰতিষ্ঠান দামোদৰে পৰিচালনা কৰিব ৰ’পৱে। দৈনিক যাত্ৰা কৰা যাত্ৰীৰ বাবে থাকিব মাহিলি টিকটৰো ব্যৱস্থা ।