Local, Vocal, Global

ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ

কামপুৰত কপিলী আৰু বৰপানী নৈৰ বাঢ়নি পানীয়ে বুৰালে বহুকেইখন গাঁও। কপিলী আৰু বৰপানী নৈৰ ভগ্ন মাথাউৰিৰে পানী সোমোৱাৰ পিছতে শালমৰা, নেলিপাৰকে ধৰি কেইবাখনো গাঁও এতিয়া বানৰ কৱলত৷ মৌখুলি নিউ প্ৰাথমিক বিদ্যালয় পানীত বুৰ যোৱাৰ লগতে  অঞ্চটোৰ মানুহৰ ঘৰ-বাৰীত একাঁঠুপৰ্যন্ত পানী। বাঢ়নি পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ কৃষিপথাৰ। বছৰৰ প্ৰথমটো বানে হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতি নষ্ট কৰি সৰ্বস্বান্ত কৰাৰ পিছত শালি খেতিৰ বাবে পাৰি থোৱা কঁঠীয়া পুনৰ বানৰ কৱলত পৰাত মূৰে-কঁপালে হাত দিছে কৃষকসকলে ৷